পশ্চিম এছিয়াৰ সংকট আৰু বিশ্বজুৰি ইন্ধনজাত তেলৰ যোগান সমস্যাৰ মাজতে পূৰ্বে জাৰি কৰা নিষেধাজ্ঞাত শিথিলতা এতিয়া প্রত্যাহাৰ কৰিবলৈ আগবাঢ়িছে আমেৰিকা।
ৰাছিয়া আৰু ইৰাণৰ পৰা তেল ক্ৰয় কৰিবলৈ ভাৰতকে ধৰি কেবাখনো দেশক দিয়া ৰেহাই আৰু নবীকৰণ নকৰে বুলি স্পষ্টকৈ জনাইছে আমেৰিকাই।
বুধবাৰে হোৱাইট হাউছত অনুষ্ঠিত এক সংবাদমেলত আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছেণ্টে এই ঘোষণা কৰে। তেওঁ কয় যে এই ক্ৰয়ৰ বাবে পূৰ্বে দিয়া সাধাৰণ অনুজ্ঞাপত্ৰৰ সময়সীমা আৰু বৃদ্ধি কৰা নহ’ব। তেওঁৰ মতে, ৰাছিয়া আৰু ইৰাণৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত দিয়া এই ৰেহাই এতিয়া অন্ত পৰিছে।
স্কট বেছণ্টে স্পষ্ট কৰি কয় যে পূৰ্বতে প্ৰদান কৰা সকাহ কেৱল ১১ মাৰ্চৰ আগতে ইতিমধ্যে ট্ৰেনজিটত থকা আৰু সম্পূৰ্ণ ব্যৱহাৰ কৰা চালানসমূহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। তাৰ পাছত নতুনকৈ এই সুবিধা লাভ কৰা নাযাব।
উল্লেখযোগ্য যে ইউক্ৰেইন যুদ্ধৰ স’তে জড়িত নিষেধাজ্ঞাৰ মাজতো আমেৰিকাই পাঁচ মাৰ্চত ৩০ দিনৰ বাবে ভাৰতক ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰাখিবলৈ অনুমতি প্ৰদান কৰিছিল।
পাছত এই ৰেহাইৰ সময়সীমা আন কেইখনমান দেশলৈও প্ৰসাৰিত কৰা হয় আৰু ১১ এপ্ৰিলত ইয়াৰ ম্যাদ উকলি যায়। এই সময়ছোৱাত ভাৰতৰ ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি উল্লেখযোগ্যভাৱে বৃদ্ধি পায়।
ইউৰোপীয় সংস্থা ‘চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনাৰ্জী এণ্ড ক্লীন এয়াৰ’ (CREA)-এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ফেব্ৰুৱাৰী মাহত হ্ৰাস পোৱাৰ পাছত মাৰ্চ মাহত ৰাছিয়াৰ পৰা ভাৰতৰ খাৰুৱা তেল ক্ৰয় তিনিগুণতকৈও অধিক বৃদ্ধি পাই ৫.৩ বিলিয়ন ইউৰোত উপনীত হয়।
প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে ২০২৬ চনৰ মাৰ্চ মাহত ভাৰতে ৰাছিয়াৰ জীৱাশ্ম ইন্ধনৰ দ্বিতীয় বৃহত্তম ক্ৰেতা হিচাপে ৫.৮ বিলিয়ন ইউৰোৰ হাইড্ৰ’কাৰ্বন আমদানি কৰিছিল, যাৰ ৯১ শতাংশই আছিল খাৰুৱা তেল।
এই সিদ্ধান্তই আগন্তুক দিনত বিশ্ব বজাৰত তেলৰ যোগান আৰু মূল্যত নতুন চাপ সৃষ্টি কৰাৰ সম্ভাৱনা উত্থাপন কৰিছে।
