ৰাজ্যসভাত আঠগৰাকী সাংসদৰ শপতগ্ৰহণ: অসমৰ তিনি, বিহাৰৰ পাঁচজনে ল’লে শপত

IMG 20260416 140918

বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে আঠগৰাকী নতুন সাংসদে শপতগ্ৰহণ কৰে। এইসকলৰ ভিতৰত অসমৰ তিনিগৰাকী আৰু বিহাৰৰ পাঁচগৰাকী সাংসদ ।

সংসদ ভবনত অনুষ্ঠিত হোৱা এই শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণনে সাংসদসকলক শপতবাক্য পাঠ কৰোৱায়।

এই অনুষ্ঠানত কিছুমান বিশেষ দৃশ্যও দেখিবলৈ পোৱা গ’ল। অসমৰ সাংসদ যোগেন মহনে পৰম্পৰাগত আহোম সাজ পৰিধান কৰি শপতগ্ৰহণ কৰে।

আনহাতে, ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱে বড়ো ভাষাত শপতগ্ৰহণ কৰি ভাষাগত বৈচিত্ৰ্যৰ প্ৰদৰ্শন কৰে।

ইফালে, সাংসদ তেৰছ গোৱালাইও শপতগ্ৰহণ কৰে। উল্লেখযোগ্য যে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ সংসদত চাইকেল লৈ প্ৰৱেশ কৰা দৃশ্যই বিশেষ দৃষ্টি আকৰ্ষণ কৰে।

এই শপতগ্ৰহণ অনুষ্ঠানৰ জৰিয়তে নতুন সাংসদসকলৰ সংসদীয় কাৰ্যকাল আনুষ্ঠানিকভাৱে আৰম্ভ হয়।

Exit mobile version