ভাৰতীয় ৰেল বিভাগৰ নিয়ম – অনুসৰি, ৰেলৰ পথ সলনি হ’লে বা ৰেল বাতিল হ’লে টিকটৰ ধন ঘূৰাই পাব পাৰি। ইয়াৰ বাবে ৰেলযাত্ৰীয়ে টিডিআৰ ফাইল কৰিব লাগে। সাধাৰণতে ভিৰৰ বাবে বেলখন ধৰিব নোৱাৰিলে, কোনো কাৰণত ৰেল বাতিল হ’লে বা যাত্রা আৰম্ভ কৰাৰ সময় তিনি ঘণ্টা বা তাতকৈ অধিক বিলম্ব হ’লে টিকটৰ সম্পূর্ণ ধন ঘূৰাই পাব পাৰি।
পিছে অতিবৃষ্টি-বানৰ বাবে ৰেল ধৰিব নোৱাৰিলে টিকটৰ ধন ঘূৰাই পোৱাটো বৰ সহজ নহয়। কোনো ঠাইত বানৰ বাবে সময়মতে ষ্টেছনলৈ যাব নোৱাৰিলে ক্ষতিপূৰণৰ বাবে ৰেল বিভাগক অৱগত কৰাটো জৰুৰী।
এই ক্ষেত্ৰত টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা অতি কম। টিডিআৰ কি?
টিডিআৰ হৈছে টিকট বাতিল প্রক্রিয়া। টিডিআৰ অনলাইন আৰু অফলাইন উভয় প্রক্রিয়াৰে দাখিল কৰিব পাৰি।
টিডিআৰ দাখিলৰ বাবে যাত্রীয়ে নিজৰ আইআৰচিটিচি একাউণ্টত লগ ইন কৰি ট্ৰেইনৰ পিএনআৰ নম্বৰ দিব লাগে আৰু কাৰণ দর্শাব লাগে।
ৰেলৰ নিৰ্ধাৰিত প্রস্থান সময়ৰ এঘণ্টা আগতেই টিডিআৰ দাখিল কৰিব লাগে। সকলো ঠিকে-ঠাকে জমা দিলে টিকটৰ ধন ৬০ দিনৰ ভিতৰত যাত্ৰীৰ একাউণ্টত জমা হয়।
