Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

আটক কৰি অনা লোকক মুকলি কৰি দিয়াৰ দাবী উত্তপ্ত পৰিস্থিতি ৰাইজৰ, আছা আৰু সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা সময়ত বন বিভাগৰ গুলি চালনা, প্ৰতিবাদী লোকে ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় জ্বলাই দিয়াৰ চেষ্টা, প্ৰতিবাদী লোকে জ্বলাই দিয়ে বন বিভাগৰ চাৰিখনকৈ বাহন জ্বলাই দিয়ে

WhatsApp Image 2026 04 17 at 12.34.39 PM

Chirang Incident:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–উত্তপ্ত পৰিস্থিতি ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাঙৰ ৰুনিখাতাত । নিশা সংঘটিত এক ঘটনাকলৈ বন বিভাগৰ বিৰুদ্ধে আছা আৰু সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকা সময়ত ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ বনকৰ্মীয়ে গুলি চালনা কৰে যাৰবাবে পৰিস্থিতি অধিক উত্তেজনা হৈ পৰে ৷ প্ৰতিবাদী লোকে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় জ্বলাই দিয়াৰ চেষ্টা কৰাৰ লগতে বন বিভাগৰ চাৰিখন বাহন জ্বলাই দিয়ে ৷ শিল দলিয়াই ক্ষতিসাধন কৰে বনৰক্ষীৰ আন বহু কেইখন বাহন।

উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগত আটক কৰি অনা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত ৰুণীখাতা ৰেঞ্জ অফিচ ঘেৰাও স্থানীয় ৰাইজৰ।

ইফালে, ঘটনাক কেন্দ্ৰ কৰি ৰুণীখাতাত বৰ্তমানো পৰিস্থিতি উত্তপ্ত হৈ আছে। ফৰেষ্ট ৰেঞ্জ অফিচৰ ভিতৰত প্ৰৱেশ কৰা মহিলাসকলক শাৰীৰিকভাৱে বনৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। মহিলা দুগৰাকী গুৰুতৰভাবে আহত হোৱাত তেওঁলোকক চিকিৎসাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰা হয়।

আনহাতে এই উত্তেজনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষী আহি উপস্থিত হৈছে ঘটনাস্থলীত। উল্লেখ্য যে, ৰুণীখাতা ৰেঞ্জৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবলৈ বনৰক্ষীৰ দলে ২৫ গৰাকী আদিবাসী লোকক অবৈধ বেদখলকাৰী বুলি অভিযোগত আটক কৰি আনিছিল।

Exit mobile version