Ex. Education Minister Jatin Mali Passes Away:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম আন্দোলনৰ অগ্ৰণী নেতা প্রাক্তন শিক্ষা মন্ত্রী যতীন মালীৰ দেহাৱসান ৷ হৃদৰোগত আক্ৰান্ত হৈ আজি দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে মালীয়ে ৷ ৬৯ বছৰ বয়সীয়া মালী হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল । অগপ চৰকাৰৰ কাৰ্যকালত শিক্ষামন্ত্রী আছিল যতীন মালী ৷ এইবাৰ নির্বাচনত নির্দলীয় প্রার্থী হিচাপে পলাশবাৰীৰ পৰা অৱতীৰ্ণ হৈছিল মালী। প্রাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত শোকাহত হৈ পৰে তেওঁৰ পৰিয়াল সহ অনুৰাগী ৷ একেদৰে ৰাজ্যজুৰি শোকৰ ছাঁ পৰে ৷
