SC dismissed Pawan Khera’s bail extension applicationপৱন খেড়াৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

খেড়াক অচিৰেই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, জামিন সম্পর্কে চূড়ান্ত সিদ্ধান্ত ল'ব গুৱাহাটী উচ্চ ন্যায়ালয়ে

WhatsApp Image 2026 04 17 at 1.57.07 PM

SC dismissed Pawan Khera’s bail extension application:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বিপদ সমাগত কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াৰ ৷ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ সৰ্বোচ্চ ন্যায়ালয়ে জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে খেড়াই জনোৱা আৱেদন শুকুৰবাৰে খাৰিজ কৰে ৷ অহা মঙলবাৰলৈকে জামিনৰ ম্যাদ বঢ়োৱাৰ আৰ্জি জনাইছিল খেড়াই ৷ আজি ন্যায়ালয়ে দিয়া নিৰ্দেশনাত উল্লেখ কৰে যে খেড়াক শীঘ্রেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হওক । জামিন সম্পৰ্কে চুড়ান্ত সিদ্ধান্ত ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ তিনিখন দেশৰ পাছপোৰ্ট থকাৰ বিষয়ে সদ্য সমাপ্ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক সংবাদমেলৰ জৰিয়তে অভিযোগ উম্থাপন কৰিছিল কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই ৷ এই অভিযোগ একেমুখে নাকচ কৰি খেড়াৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম বাঞ্চত এক গোচৰ ৰজু কৰে ৷ এই গোচৰৰ ভিত্তিত গুৱাহাটী ক্ৰাইম বাঞ্চৰ এটা দলে খেড়াৰ দিল্লীস্থিত বাসগৃহত অভিযান চলাই এটা লেপটপ,এটা পেইন ড্ৰাইভ সহ কেতবোৰ নথিপত্ৰ জব্দ কৰে যদিও সেই সময়ত ঘৰত নাছিল খেড়া । আনহাতে অজ্ঞান স্থানৰ পৰা নিজা অধিবক্তাৰ জৰিয়তে খেড়াই তেলেংগানা হাইকৰ্টৰ পৰা এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰে ৷

ইপিনে খেড়াৰ এই জামিনৰ বিৰোধীৰে অসম চৰকাৰ দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয় ৷ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ইতিমধ্যে তেলেংগানা হাইকৰ্টৰ এসপ্তাহৰ অন্তৱৰ্তীকালীনৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছিল ৷ যাৰবাবে গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধ থকাৰ অজুহাত দেখুৱাই খেড়াই পুনৰাই জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আৱেদন জনাই সৰ্বোচ্চ ন্যায়ালয়ত ৷ কিন্ত শুকুৰবাৰে শুনানি গ্ৰহণ কৰি জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে আৱেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰহে নিৰ্দেশনা জাৰি কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷

Exit mobile version