Air India:✒️এয়াৰ ইণ্ডিয়াৰ এজন সহকাৰী পাইলটৰ বেগৰ পৰা গাঞ্জা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। আমেৰিকাৰ ছান ফ্ৰান্সিস্কো বিমানবন্দৰত ৰুটিন তল্লাশীৰ সময়ত পাইলটজনৰ বেগৰ পৰা জব্দ হয় নিষিদ্ধ সামগ্ৰী।
ঘটনাটোৰ পাছতেই আমেৰিকাৰ কৰ্তৃপক্ষই পাইলটজনৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি তেওঁক বহিষ্কাৰ কৰি পৰৱৰ্তী বিমানতে তেওঁক ভাৰতলৈ উভতাই পঠিয়ায়।
সূত্ৰ অনুসৰি, ঘটনা সংঘটিত হয় ১৪ এপ্ৰিলত। পাইলটজন দিল্লীৰ পৰা ছান ফ্ৰান্সিস্কোগামী এখন এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰীবাহী কেবিনত উপস্থিত আছিল আৰু সেই বিমানখনক পুনৰ দিল্লীলৈ উভতাই অনাৰ দায়িত্বত আছিল।
বিমান পৰিভাষাত এই ব্যৱস্থাক ‘পজিশনিং’ বোলা হয়, অৰ্থাৎ তেওঁ ডিউটিতেই আছিল।
বিমানখন ছান ফ্ৰান্সিস্কোত অৱতৰণ কৰাৰ পাছত আমেৰিকান কৰ্তৃপক্ষই নিয়মীয়াকৈ চলোৱা তল্লাশীৰ সময়ত পাইলটজনৰ বেগত উদ্ধাৰ হয় গাঞ্জা । ইয়াৰ পিছতেই তেওঁক বিমান পৰিচালনাৰ বাবে “অযোগ্য” ঘোষণা কৰা হয় আৰু তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰা হয়।
এয়াৰ ইণ্ডিয়াই এই ঘটনা সম্পৰ্কে ভাৰতৰ অসামৰিক বিমান পৰিচালনা সঞ্চালকালয় (DGCA)ক অৱগত কৰিছে। সংস্থাটোৱে জনোৱা মতে, অভিযুক্ত পাইলটজন ইতিমধ্যে দিল্লীত উভতি আহিছে আৰু তেওঁৰ বিৰুদ্ধে আভ্যন্তৰীণ অনুসন্ধান আৰম্ভ কৰা হৈছে।
এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, “আমাৰ এজন ক্রু সদস্যই আইন উলংঘন কৰাৰ অভিযোগত জড়িত হৈছে। সংস্থাই যিকোনো ধৰণৰ অনিয়মৰ ক্ষেত্ৰত জিৰ’ ট’লাৰেন্স নীতি অনুসৰণ কৰে। নিৰাপত্তা, শৃংখলা আৰু পেছাদাৰী আচৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব।”
সংস্থাটোৱে লগতে স্পষ্ট কৰি দিয়ে যে, এই ঘটনাত জড়িত পাইলটজনৰ বিৰুদ্ধে নিয়ম অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু যাত্ৰীৰ নিৰাপত্তাই সংস্থাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ থাকিব।
