Deer found in Balipara:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:শোণিতপুৰৰ বালিপৰাত আঘাতপ্রাপ্ত অৱস্থাত এটি ফুটুকী হৰিণ উদ্ধাৰ ৷ দীঘলী গাঁৱৰ কেইজনমান যুৱকৰ তৎপৰতাত উদ্ধাৰ হোৱা হৰিণা পহুটো পিছত বন বিভাগক চমজাই দিয়া হয় ৷
উল্লেখ্য যে খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা হৰিণটি বিচৰণ কৰি আছিল দীঘলী গাঁৱত৷ আঘাতপ্ৰাপ্ত হৰিণটি পিছত উদ্ধাৰ কৰে গাওঁখনৰে কেইজনমান প্ৰকৃতি প্ৰেমী যুৱকে ।
