India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

ভাৰত-বাংলা মৈত্রী পাইপলাইন যোগে প্ৰেৰণ ডিজেল, চলিত মাহতে প্ৰতিবেশী দেশখনত প্ৰদান কৰা হ'ল ২৫০০০ টন ডিজেল

WhatsApp Image 2026 04 18 at 12.21.15 PM

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মধ্য প্ৰাচ্যৰ যুদ্ধৰ বাবে তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা চুবুৰীয়া বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে যোগান ধৰিছে ৫,০০০ টন ডিজেল । ভাৰত-বাংলা মৈত্রী পাইপলাইনৰ জৰিয়তে বাংলাদেশৰ পাৰ্বতীপুৰ ডিপোলৈ প্ৰেৰণ কৰা হৈছে এই ডিজেল। এই যোগান দুয়োখন দেশৰ মাজত শক্তিৰ সহযোগিতা শক্তিশালী কৰাৰ বাবে কৰা হৈছে।

উল্লেখ্য যে এতিয়ালৈকে মুঠ ১৫,০০০ টন ডিজেল বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বাংলাদেশত সৃষ্টি হোৱা ইন্ধনৰ সংকট দূৰ কৰা আৰু বিদ্যুৎ উৎপাদন আৰু পৰিবহণত সহায় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ভাৰত চৰকাৰে ৷

স্মতৰ্ৱ্য যে ,১৫ বছৰীয়া দীৰ্ঘম্যাদী চুক্তিৰ অধীনত ভাৰতে বছৰি ১ লাখ ৮০ হাজাৰ টন ডিজেল যোগান ধৰিব বাংলাদেশক ৷ ভাৰতৰ “চুবুৰী প্ৰথম” নীতিৰ অধীনত চলিত মাহতে প্ৰতিবেশী দেশখনত প্ৰদান কৰা হ’ল মুঠ ২৫০০০ টন ডিজেল ৷

Exit mobile version