মুকেশ আম্বানীক চেৰ পেলাই এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি ৰূপে পৰিগণিত হৈছে গৌতম আদানী। মুঠ ৯২.৬ বিলিয়ন ডলাৰ সম্পদৰে আদানী সম্প্রতি ব্লুমবার্গ বিলিয়নেয়াৰ্ছ ইনডেক্সত শীর্ষস্থান দখল কৰাৰ লগতে বিশ্বৰ ধনাঢ্যৰ তালিকাতো ১৯ সংখ্যক স্থানলৈ উন্নীত হৈছে।
আনহাতে, এই তালিকাত আদানীৰ পাছতে ৯০.৮ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তিৰ স’তে মুকেশ আম্বানীয়ে ২০ সংখ্যক স্থান দখল কৰিছে। উল্লেখ্য যে সুদীর্ঘ সময় ধৰি আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰূপে পৰিগণিত হৈ আছিল।
ইপিনে, ৬৫৬ বিলিয়ন ডলাৰ সম্পদৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত শীর্ষতম স্থান অক্ষুণ্ণ আছে এলন মাস্কৰ। ২৮৬ বিলিয়ন ডলাৰ সম্পদৰে দ্বিতীয় স্থানত আছে লেৰী পেজ।
বিশ্বৰ শীর্ষ ১০ গৰাকী ধনাঢ্য ব্যক্তিৰ তালিকাত স্থান লাভ কৰা অন্যান্য ধনকুবেৰসকল হৈছে ক্রমে জেফ বেজছ, ছার্গেই ব্রিন, মার্ক জুকাৰবাৰ্গ, লেৰী এলিছন, মাইকেল ডেল, জেনছেন হুরাং আৰু বার্নার্ড আর্ণল্ট।
