Femina Miss India:✒️গোৱা ৰাজ্যৰ উদীয়মান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগী সাধ্বী সতীশ ছেইলে ১৮ এপ্ৰিল, ২০২৬ তাৰিখে ভুৱনেশ্বৰ(Bhubaneswar)ত অনুষ্ঠিত ৬১তম ফেমিনা মিছ ইণ্ডিয়া(Femina Miss India)প্ৰতিযোগিতাত ‘Femina Miss India World 2026’ খিতাপ জয় কৰে।
৩০ জন প্ৰতিযোগীৰ মাজৰ পৰা সৰ্বশ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হৈ তেওঁ ভাৰতক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।
সাধ্বী কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাৰ কাৰৱাৰৰ বাসিন্দা, যদিও তেওঁ গোৱাৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
মিছ ইণ্ডিয়া ২০২৬ জয় কৰাৰ পাছত, সাধ্বীয়ে আগন্তুক Miss World 2027 প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
উল্লেখযোগ্য যে, এই জাকজমকীয় অনুষ্ঠানটো কালিংগা ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজি (Kalinga Institute of Industrial Technology (KIIT), Bhubaneswar)ত অনুষ্ঠিত হয় আৰু পূৰ্বৱৰ্তী বিজয়ীয়ে তেওঁক মুকুট পৰিধান কৰায়।
