জলাধাৰ পোৱাৰ পূর্বে অদৃশ্য হৈছে শশ কোটি লিটাৰ পানী

p 1 91073736 colorado river water use

The Colorado River:✒️বিগত দীর্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাডো নৈৰ পানী বৈ যোৱাৰ পথতে অদৃশ্য হোৱাৰ ঘটনা সংঘটিত হয়। নৈৰ পানী এনেদৰে অদৃশ্য হোৱাৰ বিভিন্ন কাৰণ বহুতে ব্যাখ্যা কৰে। ইয়াক লৈ অনেক কল্প কাহিনীৰো সৃষ্টি হয়।

অৱশেষত ৱাশিংটন বিশ্ববিদ্যালয়ৰ এটা বিজ্ঞানীৰ দলে কলৰাডো নৈত সংঘটিত এই বহস্যজনক ঘটনাব আঁৰ কাপোৰ আঁতৰায়। ইয়াৰ লগে লগে বিজ্ঞানীৰ দলটোৱে পোহৰলৈ আনিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম অঞ্চলত জলবৈজ্ঞানিক চক্ৰৰ এক গুৰুতৰ পৰিৱৰ্তন সংঘটিত হৈছে।

উল্লেখ্য যে বিগত বহু দশক ধৰি জলবিজ্ঞান ব্যৱস্থাপকসকলে তুষাৰপাতৰ জোখমাখ লৈ গৰমৰ দিনত জলাধাৰত কিমান পানী জমা থাকিব সেয়া নির্ণয় কৰিছিল। কিন্তু ২০০০ৰ পৰা জলবিজ্ঞানীসকলৰ অংক ভুল হ’বলৈ ধৰে।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দলটোৱে শেহতীয়াভাৱে কৰা অধ্যয়নত দেখা গৈছে যে কলৰাডোৰ নৈৰ পানী জলাধাৰত পৰাৰ পূৰ্বেই অদৃশ্য হোৱাৰ কাৰণ হ’ল পূৰ্বৰ তুলনাত উষ্ণ আৰু শুকান বসন্ত কাল। বসন্ত কালৰ বৰষুণ নৈৰ বুকুৰ বৰফ গলি পানী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ যদিও বিগত কিছু বছৰ ধৰি কলৰাডোত বসন্ত কালৰ পৰিমাণ একেবাৰে ন্যূনতম হৈছে।

গতিকে নৈৰ পাৰৰ পাহাৰৰ গছ-বনে নৈৰ বুকুত জমা হৈ থকা বৰফ শুহি লয়। ফলত জলাধাৰ পোৱাৰ পূৰ্বে নৈৰ পানী শুকাই তৰাং হৈছে।

ফলত এই নৈৰ অৱবাহিকাত ৭০ শতাংশ পর্যন্ত পানীৰ নাটনি দেখা গৈছে। কাজেই কৃষিকর্মতো ব্যাঘাত জন্মিছে। উক্ত অধ্যয়নত আঙুলিয়াই দিয়া হৈছে যে নৈৰ পানী এনেদৰে শুকাই যোৱাৰ কাৰণ হৈছে পাৰৰ গছ-বনে বৰফ শুহি লোৱাটো।

আনহাতে, নৈখনৰ পানী এনেদৰে শুকাই যাবলৈ ধৰাৰ ফলত নামনি অঞ্চলত থকা মীড আৰু পাৱেল হ্রদ তৰাং হৈ পৰিছে। এনেদৰে কলৰাডোেত বসন্ত কালত বৰষুণ হ্রাস পাবলৈ ধৰাৰ কাৰণ জলবায়ু পৰিৱৰ্তন বুলিও চর্চিত হৈছে।

নৈখনৰ এই অৱস্থা আৰম্ভ হয় দুহেজাৰৰ পৰা। ইয়াক সহস্রাব্দ খৰাং আখ্যা দিয়া হৈছে। এই সহস্রাব্দ খৰাঙৰ কৱলত পৰি অঞ্চলটোৱে হাহাকাৰ কৰিবলগীয়া সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিক মার্কিন ভূতাত্ত্বিক জৰীপে শুষ্কীকৰণ আখ্যা দিছে।

ভূতাত্ত্বিক জৰীপৰ মতে বর্ধিত তাপমাত্ৰাই নৈখনৰে প্ৰৱাহিত পানীৰ পৰিমাণ হ্রাসতো ভূমিকা লৈছে। আনকি বিগত বছৰসমূহত দেখা গ’ল যে বহু সময়ত বৰষুণ স্বাভাৱিক হ’লেও নৈৰে প্ৰৱাহিত পানীৰ পৰিমাণ চকুত লগাকৈ হ্রাস পায়। আনহাতে, গৱেষণাত পোহৰলৈ অহা অনুসৰি উজনি কলৰাডো নৈৰ অৱবাহিকাত বৰষুণৰ পৰিমাণ প্রায় সাত শতাংশ হ্রাস পাইছে।

Exit mobile version