নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নিজবৰশিৰাল কটাহবাৰীত আজি পাগলাদিয়া নদীত গা ধুবলৈ গৈ তিনিজন লোকৰ সলিল সমাধি ঘটাত অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷
ঘটনা অনুসৰি নিজবৰশিৰাল কটাহবাৰীৰ গুদ্দু ডেকা নামৰ মহিলা গৰাকীৰ ঘৰলৈ নিজৰ ভনী আৰু হ’ব লগা ভনীজোঁৱাই গুৱাহাটীৰ পৰা আলহি খাবলৈ আহিছিল ৷
গুদ্দু ডেকাৰ ঘৰৰ ওচৰতে থকা পাগলাদিয়া নদীলৈ বায়েক গুদ্দু ডেকা(৩৫)ৰ সতে ভনী পিংকি দাস(২৪) আৰু ভাবি ভনীজোঁৱাই ৰোহিত গুটুং(২৭)এ দুপৰীয়া গা ধুবলৈ গৈছিল ৷ পাগলাদিয়া নদীৰ দ’ খাৱৈত পৰি তিনিও গৰাকী পানীত বুৰ যোৱাত নদীৰ পাৰত বহি থকা কণমানি শিশুটিয়ে কৰা চিঞৰ- বাখৰ শুনি লগে লগে ওচৰ চুবুৰীয়া আহি পানীৰ পৰা বিচাৰি তিনিওকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্ত্তি কৰায় ৷
চিকিৎসকে চিকিৎসা সেৱা আৰম্ভ কৰে যদিও তিনিও গৰাকীকে মৃত ঘোষণা কৰে। এই শোকাকূল ঘটনাই বৃহত্তৰ অঞ্চলটোত গভীৰ শোক ছাঁ পেলাইছে।
