বনাঞ্চলৰ মাজেৰে পাৰ হোৱা পথত দ্রুত বেগী যানবাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ ঘটনা বৃদ্ধি পাই আহিছে। এনে ঘটনা ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও সেয়া পর্যাপ্ত নোহোৱাটো বহুতৰে চকুত পৰে।
এনে কাৰণতে মধ্য প্রদেশত দেশৰে প্ৰথমটো ‘ৰেড ৰোড’ নির্মাণ কৰা হৈছে। ৰাজ্যখনৰ বীৰাংগনা দুর্গাৱতী ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ মাজেৰে এই ‘ৰেড ৰোড’ নিৰ্মাণ কৰা হৈছে। ৪৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিশেষ পথত গাড়ীৰ চকা উঠাৰ লগে লগে চালকে জানিব পাৰে যে এই পথছোৱা বিশেষ নিৰ্মাণৰে গ্ৰহণ কৰা হৈছে।
এই বিশেষ ধৰণৰে নিৰ্মাণৰ বাবে পথছোৱাত পাঁচ মিলিমিটাৰৰ থার্ম প্লাষ্টিক ৰঙা স্তৰ ব্যৱহাৰ কৰা হৈছে। গতিকে চালকে বাহনৰ চকা এই পথছোৱাত উঠাৰ লগে লগে সাৱধানতা অৱলম্বন কৰে। এই সাৱধানতা চালকে স্বয়ংক্রিয়ভাবে অৱলম্বন কৰে। কাৰণ পথছোৱাত কোনো সতর্কতা বাৰ্তাৰ চাইনব’র্ড অথবা স্পীড কেমেৰা লগোৱা হোৱা নাই।
এই ৰেড ৰোডৰ বৈশিষ্ট্য ব্যাখ্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰিছে যে পথত ব্যৱহাৰ কৰা পাঁচ মিলিমিটাৰৰ এই থার্ম’প্লাষ্টিকৰ স্তৰে কেৱল দৃষ্টি আকর্ষণেই নকৰে, বৰঞ্চ গাড়ীৰ চকা উঠাৰ লগে লগে চালকে কাণত এক বিশেষ শব্দ শুনিবলৈ পায়। ইয়াৰ লগে লগে চালকে গাড়ীৰ বেগ হ্রাস কৰে।
একেদৰে পথৰ দুয়ো কাষে থকা উজ্জ্বল বগা শাৰীয়ে চালকক গাড়ীৰ চকা ঘাইপথৰ পৰা ননমাবলৈ বাধ্য কৰে। আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত ৰঙা ৰঙৰ থার্ম প্লাষ্টিক ব্যৱহাৰ কৰাৰ বাবে এই পথৰ নাম ৰেড ৰোড ৰখা হৈছে।
এনে পৰীক্ষামূলক পথ নির্মাণত এনএইছএআইক অনুপ্ৰেৰণা যোগায় ডুবাইৰ শেখ জায়েড পথে। উল্লেখ্য যে শেহতীয়াভাৱে সমগ্ৰ বিশ্বত যানবাহনৰ খুন্দাত বন্যপ্রাণী মৃত্যুৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। আনকি মার্কিন যুক্তৰাষ্ট্ৰীয় ঘাইপথ প্রশাসনৰ শেহতীয়া এক তথ্য অনুসৰি দেশখনৰ ঘাইপথত বার্ষিক ১০ লাখৰ পৰা ২০ লাখ বন্যপ্রাণী দুর্ঘটনা সংঘটিত হয়।
ইয়াৰ ফলত ২১ বিধ বন্যপ্রাণী বিপন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈছে। গতিকে বিশ্বত বন্যপ্রাণীক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰি থকা হৈছে। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতো। এনে এক পদক্ষেপৰ অংশৰূপে মধ্য প্রদেশৰ ঘাইপথত এই ৰেড ৰোড নিৰ্মাণ কৰা হৈছে।
অৱশ্যে কেৱল ৰেড ৰোড নিৰ্মাণ কৰিয়ে প্ৰাধিকৰণে দায়িত্ব সামৰা নাই। বন্যপ্রাণীয়ে চলাচল কৰা স্থানসমূহত প্ৰাধিকৰণে ভূগর্ভস্থ পথো নিৰ্মাণ কৰিছে। কেৱল মধ্য প্রদেশতে এনে ২৫ টা ভূগর্ভস্থ পথ আছে। একেদৰে বনাঞ্চলৰ ওচৰত যানবাহনৰ গতিবেগ সীমিত কৰাৰ উদ্দেশ্যে প্ৰাধিকৰণে বিভিন্ন স্থানত কেমেৰাও স্থাপন কৰিছে।
তৎসত্ত্বেও পথ দুর্ঘটনাত বন্যপ্রাণী হতাহত হোৱাৰ ঘটনা ৰোধ হোৱা নাই।
