শিলচৰৰ এটা চুৰি চক্ৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে ডাঙৰ সফলতা অৰ্জন কৰে। ডি এছ পি ভাস্কৰ শিখা শইকীয়াৰ তত্বাৱধানত নিশাৰ বাবে অভিযান চলাই চুৰি সামগ্ৰীসহ কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰৰ মতে, তাৰাপুৰ TOP IC সুভাজিৎ দত্তৰ নেতৃত্বত শিলচৰ টাউন ব্ৰাঞ্চ আৰক্ষীৰ যৌথ প্ৰচেষ্টাৰ ফলত এই সফলতা লাভ কৰিছে। গোপন তথ্যৰ ভিত্তিত বিভিন্ন স্থানত ধাৰাবাহিক অভিযান চলাই গ্ৰেপ্তাৰ কৰে গেং সদস্যকেইজনক।
অভিযানৰ সময়ত আৰক্ষীৰ হাতৰ পৰা মুঠ ১৭টা মোবাইল টাৱাৰৰ বেটাৰী, এখন চুৰি মটৰ চাইকেল আৰু কেইবাটাও সোণৰ অলংকাৰ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ বজাৰ মূল্য যথেষ্ট বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি দীৰ্ঘদিন ধৰি এটা সংগঠিত দলে বিভিন্ন অঞ্চলৰ পৰা মোবাইল টাৱাৰৰ বেটাৰী, বাইক আৰু সোণৰ অলংকাৰ চুৰি কৰি আহিছিল বুলি অনুমান কৰা হৈছে।
গ্ৰেপ্তাৰ কৰা লোকসকলৰ জেৰাৰ পৰা অধিক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰিছে আৰক্ষীয়ে।
এই ঘটনাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু গেংটোৰ লগত জড়িত আন সদস্যক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।
