কাছাৰ জিলাত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষী আৰু ৩৮ আছাম ৰাইফলছে এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। গোপন তথ্যৰ ভিত্তিত যুটীয়া বাহিনীয়ে কচুদ্ৰাম থানাৰ অন্তৰ্গত পূব ধলাইৰ জুৰখাল বনাঞ্চলৰ এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, নগদ ধন আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত কাছাৰ জিলা আৰক্ষীৰ বিশেষ দল আৰু ৩৮ আছাম ৰাইফলছৰ জোৱানসকলে যৌথভাৱে উক্ত স্থানত তালাচী অভিযান চলায়। অভিযানৰ সময়ত ঘৰটোৰ পৰা প্ৰায় ১০ হেজাৰ ইয়াবা টেবলেট, দুটা চাবোনৰ বাকচত ৰখা প্ৰায় ২৩ গ্ৰাম হেৰ’ইন, এটা কাৰখানাত নিৰ্মিত .৩২ পিষ্টল, প্ৰায় ১৪ লাখ ৯০ হেজাৰ টকা নগদ ধন, এটা টেলিস্কোপ সংযুক্ত এয়াৰ গান আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হয়।
এই ঘটনাৰ স’তে জড়িত অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি ইতিমধ্যে ঘটনাটোক লৈ অধিক তদন্ত আৰম্ভ হৈছে।
