দলগাঁৱৰ ঢেকেৰীগাঁৱত দেউল উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

ভাগৱত যাত্ৰা আৰু নাম-প্ৰসঙ্গত মুখৰিত অঞ্চল

IMG 20260420 WA0064

দৰঙ জিলাৰ দলগাঁও অন্তৰ্গত ঢেকেৰীগাঁৱত বহাগ মাহ উপলক্ষে উদযাপিত দেউল উৎসৱে অঞ্চলজুৰি এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সমগ্ৰ অসমবাসী যেতিয়া ৰঙালী বিহুৰ উচ্ছ্বাসত মগ্ন, তেনে সময়তে দলগাঁৱৰ এই ঐতিহ্যবাহী লোক-উৎসৱেও স্থানীয় ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিছে।

কৃষিজীৱি সমাজৰ জীৱন-প্ৰবাহৰ স’তে ওতপ্ৰোতভাৱে জড়িত এই দেউল উৎসৱে গ্ৰাম্য সংস্কৃতিৰ এক উজ্জ্বল প্ৰতিফলন দাঙি ধৰে। বসন্ত ঋতুত উদযাপিত হোৱা এই উৎসৱে মানুহৰ মনত নতুন আশা, উদ্যম আৰু উচ্ছ্বাসৰ সঞ্চাৰ কৰে।

উল্লেখযোগ্য যে, বসন্তকালীন বিহুক যেনেদৰে বসন্তোৎসৱ বুলি কোৱা হয়, ঠিক তেনেদৰে এই সময়ছোৱাত পালন কৰা দেউল উৎসৱো এক বিশেষ লোক-সংস্কৃতিক উৎসৱৰ ৰূপত পৰিগণিত।

ঢেকেৰীগাঁৱৰ এই দেউল উৎসৱৰ ইতিহাসো যথেষ্ট পুৰণি বুলি স্থানীয় লোকে উল্লেখ কৰে। প্ৰতিবছৰে বহাগ মাহৰ ৬ তাৰিখে এই উৎসৱটি পৰম্পৰাগতভাৱে উদযাপন কৰা হয়। উৎসৱৰ মুখ্য আকৰ্ষণ হিচাপে ভাগৱত যাত্ৰা আৰু নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়, য’ত ভক্তপ্ৰাণ ৰাইজে ভক্তিভাৱে অংশগ্ৰহণ কৰে।

এই বছৰো উৎসৱ উপলক্ষে শতাধিক ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। ঢোল, তাল আৰু নাম-প্ৰসঙ্গৰ ধ্বনিয়ে সমগ্ৰ পৰিৱেশক আধ্যাত্মিক মাধুৰ্যৰে ভৰাই তোলে। স্থানীয় যুবক-যুৱতী, বৃদ্ধ-বৃদ্ধা সকলো শ্ৰেণীৰ লোকে এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সমন্বয় আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰে।

বৰ্তমান বহাগ মাহজুৰি দলগাঁও অঞ্চলৰ বিভিন্ন ঠাইত একেৰাহে এই দেউল উৎসৱ পালন কৰি থকা দেখা যায়, যাৰ ফলত অঞ্চলটো এক সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

Exit mobile version