বকোত ১১৪ সংখ্যক আঞ্চলিক সুঁৱৰী উৎসৱ উদযাপন

বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত বকোৰ সুঁৱৰী উৎসৱ : পৰম্পৰাগত হাতী দৌৰ

IMG 20260420 214920

ৰাভা কৃষ্টি, পাৰবাঁহ, বহুৰঙী, বিহু নৃত্য, বড়ো নৃত্য, নেপালী নৃত্য, কোচ ৰাজবংশী নৃত্যকে ধৰি বিভিন্ন থলুৱা কলা কৃষ্টি প্ৰদৰ্শনেৰে আজি মুখৰিত হৈ পৰে বকোৰ সুঁৱৰী উৎসৱ। একেদৰে পৰম্পৰাগত হাতী দৌৰ, হাতী যুঁজ, ঘোৰা দৌৰ, মহিলাৰ ৰচী টনাকে ধৰি বিভিন্ন থলুৱা খেল ধেমালিয়ো সমান্তৰালকৈ মুখৰিত।

অইন বছৰৰ দৰে এইবেলিও কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈ ‘সুঁৱৰী’ উৎসৱ’ৰ ৷ বকোৰ ঐতিহ্যমণ্ডিত ড° ভুপেন হাজৰিকা সুৱৰী সন্বযয় ক্ষেত্ৰত এই উপলক্ষে এক উদুলি- মুদুলি পৰিৱেশৰ সৃষ্টি হয় ৷ উল্লেখ্য, ব’হাগ মাহৰ ছয় তাৰিখে অৰ্থাৎ সাত বিহুৰ দিনা প্ৰতি বছৰে পালন কৰা হৈ এই সুৱৰী উৎসৱ।

কলা- কৃষ্টি, সংস্কৃতি ও ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা বকো আঞ্চলিক সুৱৰী উৎসৱত প্ৰতি বছৰে দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তৰ জাতি – ধৰ্ম – ভাষা – বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ লোক এই লোক উৎসৱত যোগদান কৰে ৷

উৎসৱৰ লগত সংগতি ৰাখি, হাতী দৌৰ, ঘোঁৰা দৌৰ, পাৰবাঁহ, তেল গছ বগোৱা আদি আকৰ্ষণীয় থলুৱা খেল- ধেমালী লগতে বিভিন্ন জনগোষ্ঠীৰ কলা- কৃষ্টি ও লোক নৃত্যৰ সমাহাৰ ঘটে। আজিৰ ৰাতিপুৱা পতাকা উত্তোলন কৰে বকো আঞ্চলিক সুঁৱৰি উৎসৱ কমিটীৰ সভাপতি দীপক কুমাৰে ৷

সুঁৱৰি উৎসৱৰ কাৰ্যাকৰী সভাপতি জয়ন্ত চৌধুৰীয়ে স্মৃতি তৰ্পন কৰাৰ পিছতে গছ পুলি ৰোপন কৰে উপদেষ্টা ভোলা শৰণীয়াই । ইফালে, গোঁহাই আদৰণী আৰু উপস্থাপন কৰে সুঁৱৰী উৎসৱৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি মনোৰঞ্জন চৌধুৰীয়ে ৷ দিনৰ তিনি বজাত বকো আঞ্চলিক সুঁৱৰি উৎসৱ উদ্বোধন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধক্ষ্য ড০ ললিত চন্দ্র ৰাভাই।

তাৰ পাছতে বকো আঞ্চলিক সুঁৱৰি উৎসৱ কমিটিৰ সভাপতি দীপক কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানত, বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস, ৰাভা হাছংৰ স্বায়ত্ব শাষিত পৰিদৰ কাৰ্য্যবাহী সদস্য সুমিত ৰাভা, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, ঈশান নিউজৰ মূখ্য সম্পাদক সুশীল পাটোৱাৰী,, বকো আঞ্চলিক সুঁৱৰি উৎসৱ কমিটিৰ প্ৰাক্তন সম্পাদক ৰণিত ৰাভা, বকো প্ৰেছ ক্লাৱৰ সভাপতি গোবিন্দ দলৈ, বকো আঞ্চলিক সুৱৰী উৎসৱ সমিতিৰ সম্পাদক পূর্ণ চন্দ্র বডো, সহকাৰী সম্পাদক অপূর্ব ৰাভা, প্ৰণয় ডাকুৱা, ভীষ্ম ৰাভা, সাহিত্য সম্পাদক গৌৰাঙ্গ চৌধুৰী , সমাজকৰ্মী ৰমেন সিং ৰাভা, গোলাপ মেধী, বকো সমবায় সমিতিৰ সভাপতি অমৰেন্দ্ৰ অধিকাৰী প্ৰমুখ্যে বকো অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট আৰু সন্মানীয় ব্যক্তি উপস্থিত থাকে ।

Exit mobile version