ভাওঁৰাগুৰীত প্ৰথমবাৰৰ বাবে বিষুৱা উৎসৱৰ প্ৰস্তুতি

IMG 20260420 191432

কোকৰাঝাৰ জিলাৰ খলিচানীমাৰীত কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ ‘বিষুৱা’ পালন কৰাৰ লক্ষ্যৰে প্ৰস্তুতি তীব্ৰ কৰা হৈছে।

ভাওঁৰাগুৰী অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে এই উৎসৱ উদযাপন কৰিবলৈ আজি আনুষ্ঠানিকভাৱে লাইখুটা স্থাপন কৰা হয়।

এই লাইখুটা স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক নিলেশ্বৰ ৰায়ে।

লাইখুটা স্থাপনৰ লগতে আজিৰে পৰা সাতদিনীয়া কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ কৰ্মশালাৰো আৰম্ভ কৰা হয়।

এই কৰ্মশালাত শতাধিক কিশোৰী আৰু মহিলাই অংশগ্ৰহণ কৰে বুলি আয়োজকসকলে জনায়।

উল্লেখ্য যে, ভাওঁৰাগুৰী অঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বিষুৱা উৎসৱে কোচৰাজবংশী জনগোষ্ঠীৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে।

Exit mobile version