যিমান বেতন সিমান কাম: পাঁচ ঘণ্টা শুই থাকিল কর্মস্থলীত

sleeping girl cover

নিদ্রাও যে প্রতিবাদৰ মাধ্যম হ’ব পাৰে, সেয়া কোনে জানিছিল? সম্প্রতি তেনে এক আজব কাণ্ড ঘটিছে চীনত। দৰমহাক লৈ অসন্তুষ্ট এগৰাকী মহিলা কৰ্মচাৰীয়ে অফিচৰ বছক ‘শিক্ষা দিয়া’ৰ বাবে কর্মস্থলীতেই পাঁচ ঘণ্টা শুই কটালে।

যুৱতী কৰ্মচাৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যিমান দৰমহা পায়, সিমানেই কাম কৰিব। অতিৰিক্ত পৰিশ্ৰম নকৰে। চীনা যুৱতীগৰাকীৰ কাণ্ডই সম্প্রতি সামাজিক মাধ্যমত তোলপাৰ লগাইছে। হয়তো বহুতৰ মনত ঢাক খাই থকা ইচ্ছাকেই তেওঁ প্রকট কৰিলে।

একাধিক সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে যে সেই যুৱতীগৰাকী মধ্য চীনৰ বাসিন্দা। তেওঁ হেনান প্ৰদেশৰ ছাংকিউৰ এটা কোম্পানীত কাম কৰে। কম দৰমহাৰ বাবে তেওঁ মালিক পক্ষৰ প্ৰতি অসন্তুষ্ট হৈ আছিল।

সমান্তৰালকৈ কোম্পানীৰ ঊর্ধ্বতন বিষয়াই বেয়া ব্যৱহাৰ কৰে বুলিও তেওঁ অভিযোগ কৰিছে। ইয়াৰ প্রতিবাদতে সম্প্রতি যুৱতীগৰাকীয়ে কর্মস্থলীত পাঁচ ঘণ্টা সময় শুই অতিবাহিত কৰে।

অৱশ্যে এই প্রতিবাদৰ পৰা তেওঁ একো ফল পোৱা নাই। বিপৰীতে ঊর্ধ্বতন কর্তৃপক্ষই হুমকি দিছে যে ভবিষ্যতে কৰ্মস্থলীত শুই থকাৰ দৰে কাম কৰিলে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। ঊর্ধ্বতন বিষয়াৰ ধমক পোৱাৰ পাছতে যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত এটা প’ষ্ট দিয়ে।

তাত তেওঁ কয়, ‘মই চকুৰ পানী পেলাবলগীয়া হৈছে; কিন্তু মই চাকৰি ত্যাগ নকৰো। মই বছক বুজাই দিম, মোক যি পৰিমামর দৰমহা দিয়া হয় সেই পৰিমাণৰ কাম কৰিলে কেনে লাগে।’ তেওঁ লগতে কয়, ‘যিসকলে মোক সমালোচনা কৰিছে, তেওঁলোকে মোৰ দৰে ইমান কম দৰমহা পোৱা মানুহবোৰৰ কষ্ট অনুভৱ নকৰে।’

যুৱতীগৰাকীৰ কাণ্ডত সম্প্রতি সামাজিক মাধ্যমত মিশ্রিত প্রতিক্রিয়া দেখা গৈছে। বহুতেই তেওঁক সমর্থন কৰিছে। কোম্পানীটোৱে যুৱতীগৰাকীৰ দৰমহা বৃদ্ধি কৰা উচিত বুলি মন্তব্য কৰিছে। অৱশ্যে একাংশই যুৱতীৰ কাণ্ডক সমালোচনাও কৰিছে।

Exit mobile version