১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

IMG 20260420 112235

একেলগে ১৫ সহস্রাধিক আয়তীয়ে দেওবাৰে দুলীয়াজানত অভিলেখ স্থাপন কৰিলে। ৰূপৰেখা বৰুৱা নামৰ এগৰাকী মহিলাৰ উদ্যোগত দুলীয়াজানৰ নেহৰু ময়দান খেলপথাৰত ১৫,৯৯৯ গৰাকী আয়তীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি প্ৰখৰ ৰদতে একেলগে বিয়ানাম পৰিবেশন কৰে।

ইয়াৰ লগে লগে এই বিয়ানাম পৰিৱেশনে আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। এই অভিলেখৰ প্রমাণপত্র আমেৰিকান বুক অৱ ৰেকৰ্ডছৰ সমন্বয়ক প্রভাত চন্দ্র বৰাই অনুষ্ঠানতে প্ৰদান কৰে।

আনহাতে, অনুষ্ঠানত ভাষণ দি বিশিষ্ট অভিনেত্রী চেতনা দাসে এই বিয়ানাম পৰিবেশনৰ দৃশ্য বিশ্বৰ বুকুত চানেকী হৈ ৰ’ব বুলি মন্তব্য কৰে। শেহতীয়াভাৱে একাংশই শিল্পী জুবিন গাৰ্গৰ গীতক লৈ সৃষ্টি কৰা বিতৰ্ক সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, ‘জুবিন জুবিনে হৈ থাকিব লাগে। জুবিনক লৈ কোনেও ব্যবসায় কৰিব নালাগে। জুবিনৰ গীতক বিকৃত কৰিবলৈ ক’ৰ পৰা সাহস পালে? জুবিনৰ গীতৰ বিকৃতিকৰণে শিল্পী সমাজক দুখ দিছে।’

আনহাতে, বিয়ানাম বিলুপ্ত হোৱাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়তে আজি আয়োজিত অনুষ্ঠানৰ বাবে উদ্যোক্তাক প্রশংসা কৰে আটাছুৰ উপদেষ্টা অনিল গগৈয়ে।

Exit mobile version