তাৰকাসকলৰ সন্তানক লৈ সদায় অনুৰাগীৰ কৌতূহলৰ অন্ত নাই। তাৰকা পিতৃ-মাতৃৰ দৰে তেওঁলোকৰ সন্তানসকলৰ গতিবিধিও সদায় অনুৰাগীৰ দৃষ্টিত থাকে। বলিউদৰ তাৰকাসকলৰ সন্তানে সততে তেওঁলোকৰ পিতৃ-মাতৃৰ পদাংক অনুসৰণ কৰি অভিনয়ৰ প্ৰতিয়ে আগ্রহী হয়। তেওঁলোকেও ছবিৰ উদ্যোগটোত ভৰি দিয়ে। উদ্যোগটোৰ ভাষাত যাক কোৱা হয়, ‘স্বজনপোষণ’ বা ‘নেপোটিজম’। যদিও ব্যতিক্রমী কর্মকাণ্ডৰে সম্প্রতি চর্চালৈ আহিছে বলিউদৰ তাৰকা-দম্পতী অক্ষয় কুমাৰ আৰু টুইংকল খান্নাৰ জ্যেষ্ঠ পুত্র আৰব ভাটিয়া।
দেশ-বিদেশত পিতৃৰ অসংখ্য সম্পত্তি থকা সত্ত্বেও আৰবে সম্প্রতি সামান্য দৰমহাৰ চাকৰিৰে গাঁৱে-ভূঞে ঘুৰি ফুৰিছে। তাৰকাখচিত গ্লেমাৰৰ জগতখনে তেওঁক অকণো আকর্ষিত নকৰে।মাত্র ১৫ বছৰ বয়সতে পিতৃ অক্ষয়ে তিল তিলকৈ গঢ়ি তোলা প্রাসাদোপম বঙলাৰ আতিশয্য ত্যাগ কৰি নিজৰ আসক্তিৰ পাছত দৌৰিবলৈ আৰম্ভ কৰিছিল আৰবে। মাতৃ টুইংকলে বহুদিনৰ পূর্বেই অভিনয় ত্যাগ কৰি এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ আৰু সু-লেখিকাৰূপে খ্যাতি অর্জন কৰিছে। তথাপি তাৰকা পিতৃ-মাতৃয়ে সন্তানৰ সিদ্ধান্তত কোনো ধৰণৰ বাধা প্রদান কৰা নাই।
অক্ষয় কুমাৰে অৱশ্যে বিচাৰে যে পুত্রই তেওঁৰ প্রযোজনা সংস্থাটো চোৱাচিতা কৰক বা দায়িত্ব লওক; কিন্তু আৰবৰ সেইবোৰলৈ কোনো গুৰুত্ব নাই। বৰঞ্চ তেওঁ পছন্দক লৈ ব্যস্ত। অক্ষয়-পুত্রই ফেশ্বন জগততো নিজৰ স্থিতি সৱল কৰিব বিচাৰে। সেইবাবেই ‘ধনকুবেৰ’ পিতৃৰ সম্পত্তিৰ প্রতি তেওঁৰ গাঁৱে গাঁৱে ঘুৰি কাম শিকি আছে। অকণো মোহ নাই।
সম্প্রতি আৰবে গাঁৱে গাঁৱে ঘূৰি কাম শিকিছে ।একাধিক সাক্ষাৎকাৰত অক্ষয় কুমাৰে পুত্রক লৈ উদ্বেগ প্রকাশ কৰিছে। তেওঁৰ মতে, আৰব অত্যন্ত সৰল আৰু মানুহ চিনাত ভুল কৰে। বিগত তিনি দশকৰ কেৰিয়াৰত তেওঁ দেশে-বিদেশে ২৫০০ কোটি টকাৰ সম্পত্তি গঢ়ি তুলিছে। অথচ সেইবোৰৰ প্ৰতি আৰবৰ কোনো মোহ নাই। সম্প্রতি ‘ভূত বাংলা’ নামৰ ছবিখনৰ প্ৰচাৰৰ সময়ত অক্ষয়ে নিজেই এই কথা সদৰী কৰিছে।
অক্ষয়ে কয়, ‘মোৰ ল’ৰা চিনেমাৰ প্রতি একেবাৰেই আগ্রহী নহয়। বেচেৰাই মাহিলি মাত্র চাৰে চাৰি হেজাৰ টকাৰ দৰমহাৰ চাকৰি কৰে। মই ভাবো এয়া একো বেয়া কথা নহয়। আচলতে আৰবৰ ফেশনৰ প্রতি আগ্রহ আছে। সেই বাবেই বিভিন্ন গাঁৱে গাঁবে ঘুৰি ঘুৰি তেওঁ ব্লক প্রিন্ট বা এই জাতীয় নানা ধৰণৰ কাম শিকে।’এই ক্ষেত্রত পুত্রক দিয়া উপদেশব কথাও জনাইছে তাৰকা অভিনেতাজনে।
তেওঁ কয়, ‘মই আৰবক কৈছো যে যি ইচ্ছা তাকেই কৰা; কিন্তু কোনোদিনে কাৰো ক্ষতি নকৰিবা।’ ইয়াতেই শেষ নহয়। ব্যক্তিগত জীৱন হওক বা জীৱিকাগত, পুত্র কিমান স্বাবলম্বী সেই কথাও সদৰী কৰিছে অক্ষয়ে। অভিনেতাজনে কয়, ‘আৰবে নিজৰ কাম নিজেই কৰিবলৈ ভাল পায়। সেয়া ৰন্ধনেই হওক বা কাপোৱা ধোৱা। সকলো অকলেই কৰে।’ অক্ষয়ে লগতে জনায় যে ফেশ্বনৰ প্রতি আগ্রহ থাকিলেও আৰবৰ দামী পোছাকৰ প্রতিও কোনো আগ্রহ নাই। পুৰণি সামগ্রী পেলাই নিদি সেইবোৰ দোকানত বিক্ৰী কৰি হেনো তাৰ পৰিৱৰ্তে আৰবে পুৰণি পোছাক কিনি আনে।
লগতে সেইবোৰ পৰিধান কৰিও তেওঁ স্বাচ্ছন্দ্যবোধ কৰে। কিমান মাটিৰ মানুহ হ’লে তাৰকা-সন্তান হোৱা সত্ত্বেও এইদৰে থাকিব পাৰি, তাবেই উদাহৰণ আৰব।
অক্ষয়-টুইংকলৰ পুত্ৰৰ বয়স সম্প্রতি ২৪ বছৰ। সামাজিক মাধ্যমত তেওঁৰ সুদর্শন চেহেৰা দেখি বহুতেই আৰবক মডেল-অভিনেতারূপে চোৱাৰ আগ্রহ প্রকাশ কৰে। অথচ অক্ষয়ৰ পুত্ৰ বিনোদন তথা পাদপ্রদীপৰ জগতখনৰ পৰা শতযোজন আঁতৰত থাকে। বহু বছৰ ধৰি তেওঁ আমেৰিকাত আছে। তাতেই তেওঁ নিজৰ মতে কাম বিচাৰি লৈছে শিক্ষানবীশৰূপে মাজে-মধ্যে তেওঁ প্রত্যন্ত অঞ্চলতো ঘূৰি ফুৰিবলগীয়া হয়; কিন্তু দৰমহা তেওঁৰ অতি সামান্য।
