Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

প্ৰতিটো ৰাজপথ, উপ-পথত একাঁঠু পর্যন্ত পানী, পুৱতি নিশা পর্যন্ত ৰাজপথতে আবদ্ধ শ শ বাহন, কৃত্রিম বানৰ বাবে সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা, মালিগাঁৱত উন্মুক্ত নলাত পৰি বহু সময় সন্ধানহীন হোৱা পায়েল নাথক উদ্ধাৰ,চিকিৎসকে মৃত ঘোষণা কৰে

WhatsApp Image 2026 04 20 at 10.35.45 AM

Artificial Flood in Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-এজাক বৰষুণতে ডুব গ’ল গুৱাহাটী মহানগৰী।  দেওবাৰে নিশা প্রায় আঠ বজাৰ পৰা অহা এজাক মুষলধাৰ বৰষুণে মহানগৰীৰ চৌদিশে হাহাকাৰৰ সৃষ্টি কৰে। আনকি মালিগাঁৱত এগৰাকী মহিলা এটা নলাৰ পানীত উটি যায়। অবশ্যে পিছত উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা প্ৰায় ২৫০ মিটাৰ আঁতৰত উদ্ধাৰ কৰে পায়েল নাথ নামৰ মহিলা গৰাকীক ৷অচেতন মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ গাজনি ঢেৰেকণিৰ স’তে অহাবৰষুণজাকৰ ফলত মহানগৰীৰ প্ৰতিটো নলা ওফন্দি উঠি ৰাজপথসমূহ বোৱাই তুলি সৃষ্টি কৰা কৃত্রিম বানৰ ফলত গুৱাহাটীৰ জনজীৱন বিপর্যস্ত হৈ পৰে। একেদৰে এই প্ৰবল বৰষুণৰ ফলত সৃষ্ট বানত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেতবোৰ অংশও বুৰ যায়। যোৰাবাট ন মাইলস্থিত চিআৰপিএফৰ শিবিৰৰ সন্মুখত পানী জমা হৈ যানবাহনৰ চলাচল বাধাগ্রস্ত হয়। বানৰ ফলত অসংখ্য যানবাহন আবদ্ধ হৈ পৰে। পথৰ দুয়োকাষে এই যানবাহনসমূহ ৰখাই থ’বলগীয়া হয়। একেদৰে হঠাৎ সৃষ্টি হোৱা কৃত্রিম বানৰ বাবে মহানগৰীৰ বহু প্ৰান্তত শ শ বাহন নিশা পর্যন্ত আবদ্ধ হৈ আছে।

গুৱাহাটীৰ মূল পথ জি এছ ৰোডকে ধৰি কাহিলীপাৰা পথ, জু ৰোড, হাতীগাঁও, ছার্ভে আদি অঞ্চলত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত বিভিন্ন স্থানৰ পৰা ঘৰমুৱা হোৱা লোকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সূচনা হয়। উল্লেখ্য যে বহু মূল পথত একাঁঠু পর্যন্ত পানী উঠাত দুচকীয়া বাহন, চাৰিচকীয়া সৰু সৰু বাহনৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। আনকি বহু পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমোৱাৰ খবৰ আহিছে।

ইফালে, কৃত্রিম বানৰ কৱলত পৰি দীৰ্ঘ সময় ধৰি বন্ধ হৈ থাকে গণেশগুৰি-কাহিলীপাৰা সংযোগী সদাব্যস্ত মূল পথছোৱা। ফলত কৰ্মস্থানকে ধৰি নিজ নিজ ক্ষেত্ৰৰ পৰা ঘৰমুৱা হোৱা পুৰুষ-মহিলাসহ অজস্র লোক আবদ্ধ হৈ পৰে। উল্লেখ্য যে বিগত দিনসমূহৰ তুলনাত জটিয়াত এইবাৰ কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে। পথছোৱাত একঁকাল পর্যন্ত পানী উঠাত স্থানীয় পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে সদৰী কৰা অনুসৰি ভালদৰে নলাসমূহ চাফা নকৰাৰ ফলতে এইবাৰ কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জটিয়াত আবদ্ধ হৈ থকা কে’বাগৰাকী পুৰুষ-মহিলাই তীব্র ক্ষোভপ্ৰকাশ কৰি কয় যে কৃত্রিম বানৰ যন্ত্রণা আজিৰে পৰা আৰম্ভ হৈছে। এইবাৰ কিমান ভয়াৱহ হ’ব আজিৰ পৰিৱেশে দেখুৱাই দিছে বুলি সদৰী কৰি সময়মতে সংশ্লিষ্ট বিভাগসমূহে ব্যৱস্থা গ্রহণ নকৰাৰ ফলতে মহানগৰবাসীয়ে যন্ত্রণা ভোগ কৰি আহিবলগীয়া হৈছে বুলি কয়।

আনহাতে, নাম প্রকাশত অনিচ্ছুক আন এগৰাকী মহিলাই কয় যে স্মার্ট চিটিৰ ঢাক ঢোল বজাই বিকাশৰ ভুৱা ছবি দাঙি ধৰাত চৰকাৰে কোনো কৃপণালি কৰা নাই। এয়াই বিকাশ নেকি বুলি প্রশ্ন কৰি তেওঁ কয় যে বছৰ বছৰ ধৰি কেৱল প্রতিশ্রুতিৰ পাহাৰ আৰু চমক সৃষ্টিৰ মাজত জনসাধাৰণৰ জীৱন যাত্রা কেতিয়া মসৃণ হ’ব সেয়া কোনোপধ্যে বোধগম্য নহয়। আজি মনত পৰিছে গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা এক চমকপ্রদ পদক্ষেপৰ কথা। কোৱা হৈছিল গুৱাহাটীৰ নলা চাফা কৰিব ৰবটে। উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰবটৰ জৰিয়তে নলা নিষ্কাসন কৰা হ’ব। পৌৰ নিগমৰ কোনো চাফাই কর্মী দুর্গন্ধময় নলাত ননমাকৈয়ে ৰবটৰ জৰিয়তে নলা নিষ্কাসন কৰাৰ বাবে চাফাইকর্মীসকলক প্রশিক্ষণ দিয়াৰ কথা কোৱা হৈছিল। সমান্তৰালভাৱে ছুপাৰ চাকাৰ আহিল আৰু কোটি কোটি টকা খৰচ কৰা হ’ল, কিন্তু কৃত্রিম বানৰ পৰা গুৱাহাটীবাসীয়ে মুক্তি পোৱাতকৈ অধিক যন্ত্রণাকাতৰহে হ’ল। উল্লেখ্য যে মুষলধাৰ বৰষুণজাকৰ ফলত সৃষ্টি হোৱা কৃত্রিম বানে গুৱাহাটীত সোমোৱা-ওলোৱা সকলো পথ বন্ধ কৰি পেলালে। ফলত মহানগৰীৰ পথসমূহৰ সমান্তৰালভাৱে উৰণ সেতুসমূহতো শ শ বাহন স্তব্ধ হৈ পৰাত তীব্র যানজটৰ সৃষ্টি হয়। মালিগাঁও উৰণ সেতুত নিশা পর্যন্ত শ শ বাহন আবদ্ধ হৈ আছে। একেদৰে যোৰাবাট, ন মাইল আদিতো ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰ যোৱাত যাতায়াত ব্যাহত হৈ আছে।

আনহাতে মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে জালুকবাৰীৰ পৰা যোৰাবাটলৈ ৰাষ্ট্ৰীয় ঘাইপথত তীব্র যানজটৰ সৃষ্টি ৷ আনহাতে কৃত্রিম বানৰ বাবে সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সকলো চৰকাৰী ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰে ।

Exit mobile version