Guwahati:জিলা আয়ুক্তৰ নিৰ্দেশনা নামাতিলে পাণ বজাৰ ডনবস্ক’ স্কুল

কৃত্রিম বানৰ বাবে স্কুল বন্ধৰ নিৰ্দেশৰ পাছতো ডনবস্ক'ৱে বিদ্যালয় খোলে

WhatsApp Image 2026 04 20 at 1.04.26 PM

Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দেওবাৰে কে’বাঘন্টাযোৰা মুষলধাৰ বৰষুণৰ ফলত মহানগৰ ডুব যায় ৷ নিশা আঠ বজাত হোৱা নেৰানেপেৰা বৰষুণৰ বাবেই প্ৰায়বোৰ অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ। চৌদিশে কেৱল পানী আৰু পানী ৷ একপ্ৰকাৰ স্তব্ধ হৈ পৰে মহানগৰীৰ জনজীৱন ৷

কৃত্ৰিম বানৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্তই এক নিৰ্দেশ যোগে পৌৰ নিগমৰ অন্তৰ্গত সকলো চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান সোমবাৰে বন্ধ ঘোষণা কৰিছিল ৷কিন্তু জিলা আয়ুক্তৰ নিৰ্দেশনাক ভেঙচালি কৰি পাণ বজাৰ ডনবস্ক’ স্কুল কর্তৃপক্ষই সোমবাৰে বিদ্যালয় খোলা ৰাখি পাঠদান অব্যাহত ৰাখে ৷

আনহাতে শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলা ডনবস্ক’ স্কুল কর্তৃপক্ষৰ এই কাৰ্যক সচেতন মহলে ধিক্কাৰ দিয়ে আৰু এইক্ষেত্ৰত জিলা আয়ুক্তৰ কঠোৰস্থিতি কামনা কৰে I

Exit mobile version