Lanslide in Kamakhya gate:মহানগৰীৰ বান বিভীষিকাময় পৰিস্থিতিৰ মাজতে কামাখ্যা গেটত ভূমিস্খলন

শিল বাগৰি ভাঙিলে পদপথৰ ৰেলিং

WhatsApp Image 2026 04 20 at 2.28.22 PM

Lanslide in Kamakhya gate:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–দেওবাৰে সন্ধিয়া দিয়া এজাক বৰষুণে মহানগৰীৰ স্বাভাৱিক জীৱনযাত্ৰা স্তব্ধ কৰি দিয়ে ৷ বৰষুণৰ ফলত মহানগৰীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ কবলত ককবকাই থকা অৱস্থাত ভুতৰ ওপৰত দানহ পৰাৰ দৰে ভূমিস্খলনৰ ঘটনাই এইবাৰ অধিক আতংকিত কৰি তুলিছে পাহাৰবাসী ৰাইজক ৷

মহানগৰীত কৃত্ৰিম বানৰ মাজতে মালিগাঁৱত ভূমিস্খলনৰ ঘটনা । মালিগাঁৱৰ কামাখ্যা গেটত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা । কামাখ্যা গেটৰ সন্মুখত বাগৰি পৰে এটা প্ৰকাণ্ড শিল ৷ শিল বাগৰি ভাঙিলে পদপথৰ ৰেলিং ৷ যাৰ ফলস্বৰূপে ক্ষতিগ্রস্ত হয় পদপথৰ এখন দোকান । একেদৰে ঘটনাটোত কথমপি প্ৰাণৰক্ষা এটি পৰিয়ালৰ । ঘটনাৰ পাছতে এছডিআৰএফৰ দল আৰু জিএমচি বিষয়া দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ শিল আতঁৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

Exit mobile version