Germany:✒️জাৰ্মানীৰ এটা গুৰুদ্বাৰত দুটা পক্ষৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত কমেও ১১ জন লোক আহত হোৱা ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে ম’ৰ্ছ (Moers) চহৰত, যি ডৰ্টমুন্ড(Dortmund)ৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
স্থানীয় আৰক্ষীয়ে জনোৱা মতে, সংঘৰ্ষৰ মূল কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও গুৰুদ্বাৰৰ নতুন পৰিচালনা সমিতি নিৰ্বাচনক লৈ দুয়ো পক্ষৰ মাজত বিবাদ চলি থকাৰ সন্দেহ কৰা হৈছে।
ঘটনাটোৰ তদন্ত আৰম্ভ কৰহৈছে আৰু আন সম্ভাৱ্য দিশসমূহো খতিয়াই চোৱা হৈছে।
ঘটনাটোৰ কেবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, যদিও তাৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই। জাৰ্মান সংবাদ মাধ্যম বিল্ড(Bild)ৰ প্ৰতিবেদন অনুসৰি, এই সংঘৰ্ষত প্ৰায় ৪০ জন লোক জড়িত আছিল।
প্ৰত্যক্ষদৰ্শীসকলৰ মতে, সংঘৰ্ষৰ সময়ত কিছুমান লোকৰ হাতত চোকা অস্ত্ৰও আছিল। তদুপৰি ‘পেপাৰ স্প্রে’ আৰু সম্ভাৱ্য আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপিত হৈছে। এগৰাকী ৫৬ বছৰীয়া প্ৰত্যক্ষদৰ্শীয়ে কয় যে, প্ৰাৰ্থনা আৰম্ভ হোৱাৰ ঠিক আগতে এপক্ষই হঠাৎ পেপাৰ স্প্রে ব্যৱহাৰ কৰি আক্ৰমণ আৰম্ভ কৰে, তাৰ পাছতে গুলিচালনাৰ ঘটনাও ঘটে।
ইফালে, গুৰুদ্বাৰৰ তহবিল আৰু পৰিচালনা সমিতিৰ বৰ্তমান আৰু প্ৰাক্তন সদস্যসকলৰ মাজত পূৰ্বৰে পৰা মতভেদ চলি আছিল বুলিও জানিব পৰা গৈছে। এই মতভেদৰ স’তে এই সংঘৰ্ষৰ সম্পৰ্ক আছে নেকি, সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে।
উল্লেখযোগ্য যে, ঘটনাস্থলৰ পৰা কমেও এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে। যদিও এতিয়ালৈকে কোনো আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হোৱা নাই বুলি আৰক্ষীসূত্ৰে জানিব পৰা গৈছে।
