দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

1776762175 summer 1

দেশৰ ৰাজধানী দিল্লীত এপ্ৰিল মাহতেই তীব্ৰ গৰমে জ্বলা কলা খুৱাইছে । মঙ্গলবাৰে তাপমাত্রা ৪৪ ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পোৱাত ৰাজধানীবাসীয়ে প্ৰচণ্ড অস্বস্তিৰ সন্মুখীন হৈছে।

আগন্তুক কেবাদিনত পৰিস্থিতি আৰু অধিক জটিল হ’ব পাৰে বুলি সতর্কতা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department)।

বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি, উত্তৰ-পশ্চিম, মধ্য আৰু পূৰ্ব ভাৰতৰ বহু অংশত আগন্তুক চাৰি-পাঁচ দিন ‘লূ’ বতাহ বলাৰ সম্ভাৱনা আছে।

পাঞ্জাৱ লুধিয়ানা, সঙ্গৰুৰ, ফতেহগড় চাহিব আৰু পটিয়ালাত ২৪ এপ্ৰিললৈ তাপপ্ৰবাহৰ পৰিস্থিতি অব্যাহত থাকিব বুলি জনোৱা হৈছে। লগতে চণ্ডীগড় আৰু সংলগ্ন অঞ্চলসমূহতো সতর্কতা জাৰি কৰা হৈছে।

মৌছম ভৱনে উল্লেখ কৰিছে যে, ২৪ এপ্ৰিললৈ উত্তৰ-পশ্চিম ভাৰতত দিনৰ সৰ্বোচ্চ তাপমাত্রা প্ৰায় চাৰি ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব পাৰে।

ৰাজস্থান, হাৰিয়ানা, দিল্লী আৰু চণ্ডীগড়কে ধৰি কেবাখনো ৰাজ্যত লু বতাহে পৰিস্থিতি অধিক জটিল কৰি তুলিব পাৰে।

ইফালে, উত্তৰ প্ৰদেশ , ঝাৰখণ্ড, পশ্চিম বংগ, মধ্য প্ৰদেশ আৰু ওড়িশা কিছু অংশত আগন্তুক পাঁচ দিন তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে বুলি পূৰ্বাভাস দিয়া হৈছে।

এনচিআৰ অঞ্চলতো ইতিমধ্যে তাপপ্ৰবাহৰ সতর্কতা জাৰি কৰা হৈছে। যদিও ২৫ এপ্ৰিলৰ পাছত সামান্য স্বস্তি আহিব পাৰে বুলি কোৱা হৈছে, তথাপি মাহৰ শেষৰ ফালে পুনৰ তাপমাত্রা বৃদ্ধি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ছত্তীছগড়তো তাপপ্ৰবাহৰ সতর্কতা জাৰি কৰা হৈছে। কিছু ঠাইত তাপমাত্রা ইতিমধ্যে ৪৩ ডিগ্ৰী চেলছিয়াছলৈকে উঠিছে। মৌচম ভবনৰ মতে, পশ্চিম মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চল আৰু ছত্তীসগড়ৰ কিছু অংশত ২৩ এপ্ৰিললৈ এই তাপপ্ৰবাহ অব্যাহত থাকিব।

Exit mobile version