পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

images 6

China:✒️চীনৰ উত্তৰ লিয়াঅনিংগ প্রদেশত এজন ৭০ বছৰীয়া ব্যক্তিৰ মৃতদেহৰ স’তে পৰিয়ালৰ লোকে এখন বিলাসী গাড়ী কবৰস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্রকাশিত বাতৰি অনুসৰি,প্রয়াত ব্যক্তিজন বিলাসী গাড়ীৰ প্ৰতি যথেষ্ট আকর্ষিত আছিল আৰু এই কাৰণত তেওঁৰ মৃত্যুত সন্তানে প্রায় ১১ লাখ য়ুআন অৰ্থাৎ ভাৰতীয় মুদ্রাত ১.৪৯ কোটি টকা মূল্যৰ এখন মার্চিডিজ বেঞ্জ এছ ৪৫০ এল মডেলৰ গাড়ী পিতৃৰ মৃতদেহৰ স’তে কবৰস্থ কৰিছিল।

এই ঘটনা ভাইৰেল হোৱাৰ পাছত চৰকাৰে কঠোৰ সকীয়নি দিয়াত পৰিয়ালটোৱে পিতৃৰ মৃতদেহৰ স’তে বিলাসী গাড়ী কবৰস্থ কৰাৰ বাবে ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল।

পৰিয়ালৰ লোকে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে তেওঁলোকৰ প্ৰয়াত পিতৃয়ে বিলাসী গাড়ী বৰ ভাল পাইছিল আৰু সেয়েহে তেওঁৰ মৃত্যুত মৃতদেহৰ স’তে এখন মার্চিডিজ গাড়ী কবৰত ৰাখিছিল।

পৰম্পৰাগতভাৱে চীনত মৃত লোকৰ আত্মাৰ সদগতিৰ বাবে ঘৰ, গাড়ী,ঘৰুৱা উপকৰণ আদিৰ কাগজৰ প্ৰতিকৃতি জ্বলোৱা হয়।

কিন্তু চীনৰ এই ধনাঢ্য পৰিয়ালে পিতৃৰ মৃতদেহৰ স’তে এখন বিলাসী মার্চিডিজ গাড়ী কবৰস্থ কৰিলে।

Exit mobile version