Earthquake:✒️ভূমিকম্পত কঁপি উঠিল মণিপুৰ। পুৱা প্ৰায় ছয় বজাৰ সময়ত হোৱা এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.২ আছিল ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মণিপুৰৰ কামজং জিলা আৰু ই মাটি পৰা প্ৰায় ৬২ কিলোমিটাৰ গভীৰত সংঘটিত হৈছিল।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ(National Center for Seismology)ৰ তথ্য অনুসৰি, এই ভূমিকম্পৰ কম্পন অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অনুভূত হয়। নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়তো এই কম্পনৰ প্ৰভাৱ পৰে।
হঠাতে হোৱা কম্পনত আতংকিত হৈ বহু লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে।
যদিও ভূমিকম্পৰ তীব্ৰতা যথেষ্ট আছিল, তথাপি এতিয়ালৈকে কোনো ধৰণৰ বৃহৎ ক্ষয়ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই বুলি প্ৰশাসনৰ সূত্ৰই জনায়।
উল্লেখযোগ্য যে, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্প প্ৰবণ এলেকা হিচাপে পৰিচিত। ভাৰতীয় টেকটনিক প্লেট উত্তৰ দিশলৈ সৰি গৈ ইউৰেছিয়ান প্লেটৰ তলত প্ৰৱেশ কৰাৰ ফলতেই এই অঞ্চলত সঘনাই ভূমিকম্প হয়।
এই অঞ্চলটো ‘Zone V’—দেশৰ আটাইতকৈ অধিক ভূমিকম্প প্ৰবণ অঞ্চলৰ ভিতৰত অন্তৰ্ভুক্ত।
