সমাধান ওলাল এন্টার্কটিকাৰ ‘ৰক্তপ্রপাত’ৰ

অৱশেষত আৱিষ্কৃত বৰফ ফালি বৈ অহা 'তেজ'ৰ সোঁতৰ বৰ্ণপৰিচয়

image 2026 02 e6127638db19e81d27db324b9d9b70e5 3x2 1

Blood Waterfall:✒️বৰফ-বগা হিমবাহ ফালি অনর্গলভাৱে নামি আহি আছে তেজৰ দৰে ৰঙা ধাৰা। এন্টার্কটিকাৰ মেকমার্ডো উপত্যকাৰ এই দৃশ্য অতি পৰিচিত, কিন্তু কিয় এনেকুৱা হয় তাৰ কোনো সদুত্তৰ ইমানদিনে কোনেও পোৱা নাছিল। বহুতেই প্রশ্ন কৰে যে কেৱল জানো আয়ৰণৰ প্ৰভাৱ? ৰাসায়নিক বিক্রিয়াই জানো একমাত্ৰ কাৰণ? সম্প্রতি একাংশ বিজ্ঞানীয়ে জনাইছে যে এইবোৰেই কেৱল কাৰণ নহয়। হিমবাহৰ তলত যি ঘটি থাকে, তাৰ প্রকোপতো ফাট মেলি ওলাই আহে ৰক্তধাৰা।

এই প্রপাত হৈছে আচলতে আয়ৰণ সমৃদ্ধ, অতি লবণাক্ত পানীৰ এক প্ৰৱাহ। এণ্টার্কটিকাৰ মেকমার্ডো ড্রাই ভেলীৰ টেইলৰ হিমবাহৰ তলৰ পৰা নিৰ্গত হয়। একাংশ বিজ্ঞানীয়ে ধাৰণা কৰে যে অক্সিজেনহীন প্রাচীন লবণাক্ত পানীয়ে বতাহৰ সংস্পৰ্শলৈ আহি আয়ৰণ অক্সাইড গঠন কৰে।

সেই বাবেই এই প্রপাতৰ ৰং ৰঙা। অৱশ্যে এক সাম্প্রতিক গবেষণাই এই পুৰণি তত্ত্বতে নতুনকৈ পোহৰ পেলাইছে। পেলাইছে। এই গৱেষণাকাৰীসকলে দাবী কৰিছে যে কেৱল ৰাসায়নিক বিক্রিয়াই নহয়, আভ্যন্তৰীণ চাপো ইয়াৰ বাবে দায়ী। এই টেইলৰ হিমবাহৰ উচ্চতা কমি অহাৰ লগত এই পানীৰ ৰং বঙা হোৱাৰ যোগ আছে। তেওঁলোকে ধাৰণা কৰে যে পানীৰ ৰঙৰ পৰিৱৰ্তনৰ অন্যতম কাৰণ হৈছে চাপৰ তাৰতম্য আৰু বৰফৰ তলত জলপ্ৰবাহৰ গতিবিধি।

এন্টার্কটিকাৰ মেকমার্ডো ড্রাই ভেলীৰ বৰফৰ নদী টেইলৰ হিমবাহত প্রায় শতাধিক বছৰ পূর্বেই সেই ৰক্তপ্রপাত প্রথমে দেখা গৈছিল। অৱশ্যে তাৰ কাৰণক লৈ বিভ্রান্তি আছিল। বিজ্ঞানীসকলে এটা ট্ৰেকাৰ বা যন্ত্র সংস্থাপন কৰিছিল। ২০১৮ৰ ছেপ্টেম্বৰত সেই ট্ৰেকাৰতে ধৰা পৰিছিল যে টেইলৰ হিমবাহৰ উচ্চতা ক্ৰমাৎ হ্রাস পাইছে।

লুইছিয়ানা স্টেট ইউনিভাৰছিটিৰ ভূবিজ্ঞানী পিটাৰ টি ড’ৰান আৰু তেওঁৰ দলৰ ধাৰণা হয় যে ৰঙা ৰঙৰ এই প্ৰবাহৰ স’তে হিমবাহৰ উচ্চতা হ্রাস পোৱাৰ কোনো যোগসূত্র আছে। তাৰ লগতে জড়িত আছে চাপৰ তাৰতম্য। কিছু সপ্তাহ পর্যবেক্ষণ কৰি তেওঁলোকে দেখে যে হিমবাহৰ ওপৰভাগ প্রথমে বহি যায় আৰু পাছত আকৌ আৱস্থালৈ ঘুৰি আহে।

ইয়াৰ কাৰণ হৈছে হিমবাহৰ তলত পানীৰ ধাৰা (ড্রেনেজ পালছ)ৰ প্ৰবাহ।হিমবাহৰ তলেৰে যেতিয়া লবণাক্ত পানী প্রবাহিত হয়, তেতিয়া তাত বৰফৰ স্তৰে প্ৰৱল চাপ দিবলৈ ধৰে। তাৰ প্রকোপতে সেই পানীৰ ধাৰা হিমবাহৰ ফাটৰে বাহিৰলৈ ওলাই আহে। তাৰ পাছত সেই পানী বতাহৰ সংস্পৰ্শলৈ আহে। ইয়াতে প্রশ্ন উত্থাপন হৈছে যে এন্টার্কটিকাৰ প্ৰৱল ঠাণ্ডাত কিদৰে লুণীয়া পানী বৰফত পৰিণত নহৈ তৰল হৈ থাকে?

এই প্রসংগত বিজ্ঞানীসকলে মন্তব্য কৰিছে যে লুণীয়া পানীৰ ঘনত্ব অতি বেছি হয়। তাপমাত্রা হিমাংকৰ তললৈ নামি গ’লেও লুণীয়া পানী বৰফত পৰিণত নহয়। সেয়ে সেইবোৰ হিমবাহৰ ফাটৰে বাহিৰলৈ নিৰ্গত হয়। সেই লুণীয়া পানী বতাহৰ সংস্পৰ্শলৈ আহিলে অক্সিজেনৰ স’তে বিক্রিয়া হয় আয়ৰণৰ। ফলত নিমিষতে পানীৰ ৰং হৈ পৰে ৰঙা।

সাধাৰণতে হিমবাহৰ তলত থকা পানীয়ে হিমবাহক সন্মুখলৈ পিচলি যোৱাত সহায় কৰে; কিন্তু টেইলৰ হিমবাহৰ ক্ষেত্ৰত সেই পানী ফাটৰ মাধ্যমেৰে বাহিৰলৈ ওলাই যায়। ফলত হিমবাহটোৱে চিধাই তলত থকা পাথৰৰ ওপৰত বহি পৰে। ইয়াৰ ফলত হিমবাহৰ গতিওঁ মন্থৰ হয় আৰু গলনো কমে।

বিজ্ঞানীৰ দলে বিশেষ প্রযুক্তি ব্যৱহাৰ কৰি টেইলৰ হিমবাহৰ তলত কে’বা কিলোমিটাৰ দীঘল লুণীয়া পানীৰ ধাৰা বিচাৰি পাইছে। বিজ্ঞানীসকলৰ ওচৰত এয়াই স্পষ্ট হৈছে কিয় হিমবাহৰ নিৰ্দিষ্ট এটা ফাটৰ পৰাই পানী ওলাই আহে। তেওঁলোকে দেখা পাইছে যে লুণীয়া পানীৰ গভীৰত অণুজীৱও দীর্ঘদিন ধৰি জীয়াই আছে।

বিজ্ঞানীসকলৰ মতে, বৰফৰ তলত দীর্ঘদিন থকাৰ পাছতো লো আৰু ছালফাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে সেইবোৰ জীয়াই থাকে। অক্সিজেনৰ পৰিৱৰ্তে সিহঁতৰ মাজৰ বহুতেই হয়তো দ্রবীভূত খনিজ পদাৰ্থক ইন্ধনৰূপে ব্যৱহাৰ কৰে, যি অন্ধকাৰ পৰিৱেশতো সিহঁতৰ জীয়াই থকাৰ ব্যৱস্থাটোক বৰ্তাই ৰাখে।

Exit mobile version