সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

শুটিং ছেটত সদায় নীৰৱে থাকে অক্ষয় খান্না

IMG 20260421 175517

Akshaye Khanna:✒️অক্ষয় খান্না সদায় স্বল্পভাষী। বলিউদত তেওঁ অন্তর্মুখী স্বভাৱৰ বুলিয়েই পৰিচিত। ছবিৰ পৰ্দাত তেওঁৰ অভিনয়ে সম্প্রতি আলোড়ন সৃষ্টি কৰিছিল। ‘ধুৰন্ধৰ’ ছবিত ৰেহমান বালোচৰ চৰিত্ৰত তেওঁ সকলোকে মুগ্ধ কৰে। ইয়াৰ পূর্বেও ‘তাল’, ‘বৰ্ডাৰ’, ‘দিল চাহতা হো’ আদিৰ দৰে ছবিতো তেওঁ দুর্দান্ত অভিনয় কৰিছিল। অথচ ছবিৰ ছেটত হেনো তেওঁৰ মুখৰ পৰা কোনো কথাই নোলায়।

আনকি সেই সময়ত তেওঁৰ হাতত ম’বাইল ফোনো নাথাকে। অৱশ্যে কেৱল ‘ধুৰন্ধৰ’ ছবিতেই নহয়, যিকোনো ছবিৰ চিত্ৰগ্ৰহণৰ সময়তে অক্ষয় খান্না নীৰৱে থাকে। সম্প্রতি এক সাক্ষাৎকাৰত অভিনেতা ডানিছ পাণ্ডোৰে অক্ষয়ৰ সন্দৰ্ভত কিছু বিশেষ তথ্য সদৰী কৰিছে।

অক্ষয় খান্না সম্পর্কে প্রায়েই শুনা যায় যে ছবিৰ ছেটত তেওঁ বৰ বেছি কথা নকয় আৰু আনৰ পৰা কিছু আঁতৰি থাকে। অৱশ্যে ডানিছে জনাইছে যে অক্ষয় আচলতে এজন বৰ ভাল মানুহ আৰু বাকীসকলৰ স’তে সদায় ভাল ব্যৱহাৰ কৰে। তেওঁ কয় যে অক্ষয়ে বেছি কথা নক’লেও কোনোবাই কিবা প্রশ্ন কৰিলে তাৰ উত্তৰ দিয়ে।

তেওঁ কাকো এৰাই নচলে, বৰঞ্চ নিজৰ কামতে মন দি থাকে। ডানিছে লগতে কয় যে অক্ষয়ে সদায় নিজৰ মতে থাকে আৰু সম্পূৰ্ণৰূপে নিজৰ চৰিত্ৰতে ডুবি থাকে। কেমেৰা চলিবলৈ আৰম্ভকৰাৰ লগে লগে তেওঁ একেবাৰে চৰিত্ৰটোৰ মাজত সোমাই পৰে।

সবাতোকৈ ডাঙৰ কথাটো হৈছে, চিত্রগ্রহণস্থলীত অক্ষয়ে কেতিয়াও ম’বাইল ফোন ব্যৱহাৰ নকৰে। বৰঞ্চ এটা কোণত নীৰৱে বহি থাকি নিজৰ অভিনয়ৰ কথাই চিন্তা কৰি থাকে। কোনোবাই গৈ কিবা ক’লেহে অক্ষয়ে কথা কয় বুলিও ডানিছে সদৰী কৰে। উল্লেখ্য যে ‘ধুৰন্ধৰ’ ছবিত ডানিছেও এটা চৰিত্ৰত অভিনয় কৰিছে।

Exit mobile version