দেওবাৰে হোৱা এজাক ধুমুহা-বতাহ আৰু বৰষুণৰ পাছতে গুৱাহাটীৰ বিভিন্ন অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান কৃত্ৰিম বানৰ কৱলত পৰিছে অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, বেলতলা, ছয়মাইলকে ধৰি বিস্তীৰ্ণ অঞ্চল, যাৰ ফলত সাধাৰণ জনজীৱন ব্যাপকভাৱে ব্যাহত হৈছে।
ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰ(India Meteorological Department)ই ৰাজ্যৰ ১৯খন জিলাত ‘ইয়েল’ এলাৰ্ট জাৰি কৰি অধিক বেয়া বতৰৰ সম্ভাৱনাৰ কথা সতৰ্ক কৰিছে।
এই জিলাসমূহৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), তামুলপুৰ, কাৰ্বি আংলং, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি আৰু লখিমপুৰো অন্তৰ্ভুক্ত আছে ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কাৰ্বি আংলং, মাজুলী আৰু যোৰহাট জিলাত বিজুলী-ঢেৰেকনিৰ স’তে ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে।
আনহাতে, বঙাইগাঁও, বৰপেটা, বজালী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহা বতাহ আৰু বজ্ৰপাত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
ইফালে, দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), তামুলপুৰ, কাৰ্বি আংলং, মাজুলী, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কিছু অংশত বজ্ৰপাতৰ সম্ভাৱনা থকাৰ লগতে বঙাইগাঁও, বৰপেটা, বজালী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত প্ৰৱল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
সৰ্বমুঠতে, ৰাজ্যজুৰি বতৰৰ এই আকস্মিক পৰিৱৰ্তনে জনজীৱনত পুনৰ বিঘ্ন ঘটোৱাৰ আশংকা বৃদ্ধি কৰিছে। প্ৰশাসনে জনসাধাৰণক সতৰ্ক হৈ থকাৰ লগতে প্ৰয়োজন নাথাকিলে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে।
