Golaghat:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ড্ৰাগছৰ বাবে প্ৰাণ ল’লে এজন যুৱকৰ। নিজ বাসগৃহৰ বাথৰুমত গোপনে ড্ৰাগছ সেৱন কৰি অচেতনপ্ৰায় হৈ পৰে যুৱকজন ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মাত্রাধিক ড্ৰাগছ সেৱন কৰাৰ ফলতে যুৱকজনৰ মৃত্যু হয় বুলি প্ৰকাশ কৰে চিকিৎসকে ৷ মৃত যুৱকজনৰ নাম বিকাশ নেওগ ৷ এই ঘটনা সংঘটিত হয় গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত ৷
উল্লেখ্য যে এদিন পূৰ্বে ২৫ বছৰীয়া যুৱকজনক অনা হৈছিল নিচামুক্তি কেন্দ্ৰৰ পৰা ৷ ড্ৰাগছৰ কবলত পৰি ড্ৰাগছ আসক্ত হৈ পৰাৰ বাবে কে’বামাহৰ পূৰ্বে পৰিয়ালৰ লোকে ভৰ্তি কৰিছিল ৰিহাব চেণ্টাৰত ৷
