Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

হত্যাৰ প্ৰমাণ নথকাৰ বাবে দোষমুক্ত হ'ল মইনুল হকক

WhatsApp Image 2026 04 21 at 11.48.53 AM

Supreme Court Judgement:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ ।ঘটনাৰে জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে আদালতে দোষমুক্ত কৰে মইনুল হকক ৷ একেদৰে মইনুল হকৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভতো কেতবোৰ প্রশ্নৰ অৱতাৰণা কৰি প্ৰমাণ নষ্ট কৰাৰ অভিযোগো প্ৰত্যাহাৰ কৰে ন্যায়ালয়ে৷ তদুপৰি ২০২২ চনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাহাল ৰাখে সৰ্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া খণ্ডপীঠৰ ন্যায়াধীশ বিক্রম নাথ, সন্দীপ মেহতাই ৷

উল্লেখ্য যে ২০১৭ চনৰ ৩১ মে’ত ৫৮ বছৰীয়া উদালী প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী অর্ণমাই বৰা যমুনামুখত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৷তেওঁ অকলে ভাড়াঘৰত বাস কৰিছিল।

ঘটনা অনুসৰি ৩১ মে’ৰ নিশা অভিযুক্ত যুৱকজনে শিক্ষয়িত্ৰী গৰাকীৰ ভাড়াঘৰত প্ৰৱেশ কৰে। তেওঁক ধৰ্ষণ কৰি পিছত হত্যা কৰা হয়। হত্যাৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ ঘৰত জুই লগাই দিয়া হৈছিল।

১ জুনৰ ৰাতিপুৱা স্থানীয় লোকে ঘৰটো জ্বলি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আধাপোৰা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে। আনহাতে আৰক্ষীয়েক্ষীপ্ৰতাৰে তদন্ত আৰম কৰি নিশ্চিত হয় যে অভিযুক্ত আছিল মইনুল হক(তেতিয়া বয়স প্ৰায় ২২ বছৰ৷তেওঁ শিক্ষয়িত্ৰী গৰাকীৰ চিনাকি আছিল আৰু সেইসূত্ৰে ঘৰলৈ অহা-যোৱা কৰিছিল ৷

২০১৯ চনৰ ৭ আগষ্টত ২০১৮ চনতেই অভিযুক্ত মইনুল হক আৰু চেলিম উদ্দিনক দোষী সাব্যস্ত কৰিছিল হোজাইৰ জিলা সত্ৰ ন্যায়াধীশৰ  আদালতেমইনুল হকক মৃত্যুদণ্ড আদেশ দিয়াৰ লগতে চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল ।

২০২২ চনৰ ২২ ডিচেম্বৰত উচ্চ ন্যায়ালয়ে চেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখে যদিও মইনুল হকৰ মৃত্যুদণ্ডৰ ৰায় বাতিল কৰি তিনিবছৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে ৷ কিন্তু ২০২৫ চনৰ ২৮ নৱেম্বৰত মইনুল হকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছত অসম আৰক্ষীয়ে মইনুলক পুনৰ গ্ৰেপ্তাৰ কৰিছিল ৷ অৱশেষত দীৰ্ঘসময় শুনানি গ্ৰহণ কৰি পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে অভিযুক্ত মইনুল হকৰ দোষমুক্তৰ ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয় দুজনীয়া খণ্ডপীঠৰ আদালতে ৷

 

 

Exit mobile version