বালিত হোটেলৰ সামগ্ৰী চুৰিৰ অভিযোগত ধৰা পৰিল চাৰি ভাৰতীয় পৰ্যটক

IMG 20260422 165740

বালি(Bali)ত এখন বিলাসবহুল হোটেলত সামগ্ৰী চুৰিৰ অভিযোগত চাৰি জন ভাৰতীয় পৰ্যটকক হাতে লোটে ধৰা পৰাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাটো সম্পৰ্কীয় এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে, যদিও ভিডিঅ’টোৰ সত্যতা স্বতন্ত্ৰভাৱে নিশ্চিত কৰা হোৱা নাই।

প্ৰাপ্ত তথ্য অনুসৰি, শেহতীয়াকৈ এই চাৰি পৰ্যটক বালিত ভ্ৰমণ কৰিবলৈ গৈ এখন বিলাসবহুল হোটেলত আছিল। কিন্তু চেক-আউটৰ সময়ত হোটেল কৰ্তৃপক্ষই লক্ষ্য কৰে যে তেওঁলোক থকা কোঠাটোৰ বহু সামগ্ৰী অনুপস্থিত।

তাৰ পাছতে সন্দেহ পৰ্যটকসকলৰ ওপৰত পৰে আৰু কৰ্তৃপক্ষই তেওঁলোকৰ বেগ তল্লাচি ৰ নিৰ্দেশ দিয়ে।

তল্লাচিৰ সময়ত পৰ্যটকসকলৰ বেগৰ পৰা হোটেলৰ নিখোজ সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত টাৱেল, হেয়াৰ ড্ৰায়াৰ, চেণ্ডেল (স্লিপাৰ), টিভিৰ ৰিম’ট আদি আছিল ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ত দেখা যায়, হোটেলৰ কৰ্মচাৰীসকলে পৰ্যটকসকলৰ বেগ খুলি তল্লাচি চলাইছে আৰু কিছু দূৰত নিঃশব্দে থিয় হৈ আছে পৰ্যটকসকল।

স্থানীয় সংবাদমাধ্যমৰ সূত্ৰে জানিব পৰা মতে, হোটেল কৰ্তৃপক্ষই ঘটনাটো আৰক্ষীৰ হাতত নিদি সৌহাৰ্দ্যপূর্ণভাৱে নিষ্পত্তি কৰে।

অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত এই ঘটনাক লৈ তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে।

Exit mobile version