GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

IMG 20260421 WA0070

GMCH:✒️Guwahati Medical College and Hospital (GMCH) ৰ পৰা এজন ৰোগী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ ৱাতিজুৰ গাঁৱৰ বাসিন্দা ব্ৰিজলাল সিং (৬৯) নামৰ ৰোগীজন কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, আজি দিনৰ প্ৰায় এক বজাৰ সময়ৰ পৰা GMCH ৰ পুৰণি বিল্ডিঙৰ পৰা ৰোগীজন অন্তৰ্ধান হয়। এই ঘটনাৰ পাছতে পৰিয়ালৰ মাজত উদ্বেগ সৃষ্টি হৈছে আৰু তেওঁলোকে বিভিন্ন স্থানত বিচাৰ-খোজ আৰম্ভ কৰিছে।

ৰোগীজনৰ কোনো সন্ধান পালে তলৰ নম্বৰসমূহত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে—

📞 ৭০০২৫৪৯৮৭২ / ৬০০২৬২৩৯২৯

Exit mobile version