Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

একো গৰাকী যুৱতীক জড়িত কৰাই মাহিলি তিনি লাখ টকা পর্যন্ত উপার্জন

WhatsApp Image 2026 04 22 at 11.37.44 AM

Guwahati :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৱেবছাইটৰ জৰিয়তে দেহ ব্যৱসায় চলোৱা ‘এছক’ট ছার্ভিচ’ গুৱাহাটীত ৰমৰমীয়াকৈ চলি আহিছে। এই ব্যৱসায়ৰ নামত প্রতিটো নিশাত লেনদেন হয় লাখ লাখ টকা। গুৱাহাটীৰ কে’বাখনো অভিজাত হোটেল, বিলাসী লজ আৰু একাংশ পার্লাৰ হ’ল এই ব্যৱসায়ৰ ঘাটি। গুৱাহাটীৰ চাইবাৰ আৰক্ষীৰ হাতত শেহতীয়াকৈ দুগৰাকী মহিলাসহ তিনিজন লোক গ্ৰেপ্তাৰ হৈছে। এছক’ট ছাভিচ চলোৱাৰ লগত প্রত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপিত পুৰুষজন হ’ল অভিৰঞ্জন দাস। বৰপেটাৰ প্ৰকৃত বাসিন্দা অভিৰঞ্জনে দিছপুৰৰ এটা ফ্লেটত বাস কৰি আহিছে। মহিলা দুগৰাকী হ’ল অভিৰঞ্জনৰ পত্নী মীনাক্ষী দাস আৰু প্রেয়সী প্ৰিয়ংকা দাস।

চাইবাৰ শাখাৰ আৰক্ষীৰ তথ্য অনুসৰি,এই তিনিজনীয়া চক্রটোৱে এই পর্যন্ত উদ্ধাৰ হোৱা তথ্য অনুসৰি কমেও ১৮ গৰাকী যুবতীক লৈ এই ব্যৱসায় চলাই আহিছে। ইয়াৰে দুগৰাকী যুৱতীক এই পর্যন্ত প্রত্যক্ষভাৱে দেহ ব্যৱসায়ত জড়িত কৰিব পৰা নাই যদিও ব্লেকমেইল, ভাবুকি আদিৰে চাপৰ মাজত ৰাখিছে। মধ্য গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত সম্ভাবী মিশই সদৰী কৰা অনুসৰি এই তিনিজনীয়া চক্ৰটোৱে একোগৰাকী যুৱতীক দেহ ব্যৱসায়ত লিপ্ত কৰাই মাহিলি আঢ়ৈৰ পৰা তিনি লাখ টকা উপার্জন কৰি আহিছিল।

আনহাতে, যুৱতী সকলৰ প্ৰত্যেককে মাহিলি আদায় দি আহিছিল ৩০-৫০ হেজাৰ টকাকৈ এই কামত নিয়োজিত কৰা যুৱতী যৌন ৰোগতো আক্রান্ত হৈছে। ধৃত অভিৰঞ্জনে এনে যুৱতীক নিজেও ব্যৱহাৰ কৰিছিল। আনহাতে, কোনো যুৱতীয়ে আপত্তি কৰিলে শাৰীৰিক নির্যাতনো চলাইছিল অভিৰঞ্জনে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেনে নিৰ্যাতনৰ বলি হোৱা এগৰাকী যুৱতীৰ জৰিয়তে তেওঁলোকে সমস্ত এই কাণ্ডৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সেইগৰাকী যুৱতী যৌন ৰোগত আক্ৰান্ত হৈছে। তদুপৰি অভিৰঞ্জনে চলোৱা শাৰীৰিক নির্যাতনত এখন কাণৰ পর্দাও ফাটি গৈছে যুৱতী গৰাকীৰ।

আৰক্ষীয়ে তদন্তত লাভ কৰা তথ্য অনুসৰি ধৃত তিনিওজনে মিলি দীর্ঘদিনৰ পৰা এই ব্যৱসায় চলাই আহিছিল। ইয়াৰ বাবে লক্ষ্য কৰি লোৱা হয় গুৱাহাটীলৈ কামৰ সন্ধানত অহা অভাৱী পৰিয়ালৰ যুৱতীক। আৰক্ষীয়ে যিগৰাকী যুৱতীৰ তথ্যৰ ভিত্তিত এই অভিযান চলাবলৈ সক্ষম হয়, সেই গৰাকী যুৱতীয়ে ভুৱা তথ্যৰে প্ৰকাশ কৰা এটা বিজ্ঞাপনৰ জৰিয়তে অভিৰঞ্জনৰ ব্যক্তিগত সহায়কাৰী ৰূপে নিযুক্তি লাভ কৰিছিল লাহে লাহে অভিৰঞ্জনে যুৱতী গৰাকীক নানান ধৰণে ভাবুকি দি, ব্লেক মেইলিং কৰি কে’বাবাৰো ধৰ্ষণ কৰে। ইয়াৰ ফলত যুৱতী গৰাকী অন্তঃসত্ত্বাও হয়। পাছত বলপূর্বক গর্ভপাত কৰা হয়।

নিজে শৰীৰিক সুখ লোৱাৰ লগতে যুৱতী গৰাকীক গ্রাহকৰ ওচৰলৈ প্রেৰণ কৰিবলৈও আৰম্ভ কৰে। অভিৰঞ্জনক এই ক্ষেত্ৰত সহায় কৰে পত্নী আৰু প্রেয়সীয়ে অভিৰঞ্জনৰ প্ৰেয়সী থকাক লৈ পত্নীৰ লগত সংঘাতো হয়। পাছত কোনো প্ৰকাৰে বিষয়টোৰ বুজাপৰা হয় আৰু তিনিও মিলি এছক’ৰ্ট ছার্ভিচৰ ব্যৱসায়ক গতি দিয়ে। ইয়াৰ বাবে যুৱতী সংগ্ৰহৰ দায়িত্ব বিশেষভাবে পালন কৰে মীনাক্ষী আৰু প্রিয়ংকাই। নানান প্রলোভন দি সংগ্রহ কৰি অনা যুৱতীসকলক লৈ পৃথক পৃথক ৱেবচাইট খোলা হয়।

তদুপৰি অভিৰঞ্জনে হোৱাটচ এপৰ জৰিয়তেও ব্যবসায়টোক অধিক গতি দিয়ে। ৱেবচাইট আৰু হোৱাটচ এপৰ জৰিয়তে অতি কম দিনৰ ভিতৰৰ্ত ধৃত তিনিওজনৰ এছক’ৰ্ট ছাভিচ ব্যৱসায় ঠন ধৰি উঠে গ্রাহকৰ লগত একো গৰাকী যুৱতীয়ে কটোৱা সময়ৰ ভিত্তিত অভিৰঞ্জনে মূল্য নির্ধাৰণ কৰে। আনহাতে, ইচ্ছা গ’লে অভিৰঞ্জনে নিজেও তেনে যুৱতীক ব্যৱহাৰ কৰে। যুৱতী সকলক বলপূর্বক দেহ ব্যৱসায়ত লিপ্ত কৰিবলৈ অভিৰঞ্জনে নানান ধৰণে ব্লেকমেইলিং কৰে। এই কামত অভিৰঞ্জনক পত্নী আৰু প্রেয়সীয়ে সম্পূর্ণ সহযোগিতা কৰাতো আৰক্ষীয়ে নিশ্চিত কৰিছে।

উল্লেখ্য যে দুদিন পূৰ্বে আৰক্ষীয়ে অভিৰঞ্জনৰ দিছপুৰৰ বাসগৃহত অভিযান চলায়। এই অভিযানত নগদ তিনি লাখ ১০ হেজাৰ টকা, পাঁচটা ম’বাইল ফোন, ২০ খন ছীমকার্ড আৰু বহু পৰিমাণৰ আপত্তিজনক সামগ্রী জব্দ কৰা হয় আৰু চাইবাৰ আৰক্ষী থানাত ২/২০২৬ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

Exit mobile version