PM Narenda Modi:
পহলগাম নৰসংহাৰৰ বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীক বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ সন্ত্রাসবাদীৰ আক্ৰমণত নিহত পৰ্যটকসকলক স্মৰণ কৰি বুধবাৰে সামাজিক মাধ্যমত তেওঁ লিখে— “বিগত বছৰৰ এই দিনটোত পহলগামত সন্ত্রাসবাদী আক্ৰমণত হেৰুৱা নিৰীহ প্ৰাণসমূহক স্মৰণ কৰিছোঁ। তেওঁলোকক কেতিয়াও পাহৰা নাযায়। এই যন্ত্ৰণাৰ স’তে যুঁজ দি থকা শোকাহত পৰিয়ালসমূহো মোৰ চিন্তাত আছে।”
২০২৫ চনৰ ২২ এপ্ৰিলত পহলগাম বৈশৰণ উপত্যকাত পাকিস্তানী সন্ত্রাসবাদীৰ আক্ৰমণত ২৬ জন পৰ্যটক আৰু স্থানীয় বাসিন্দাৰ মৃত্যু হৈছিল। সেই ঘটনাৰ উল্লেখ কৰি মোদীয়ে কয়— “এটা জাতি হিচাপে আমি শোক আৰু দৃঢ় সংকল্পত ঐক্যবদ্ধ। ভাৰত কেতিয়াও কোনো ধৰণৰ সন্ত্রাসৰ আগত শিৰ নুদুৰাই। সন্ত্রাসবাদীৰ জঘন্য পৰিকল্পনা কেতিয়াও সফল নহ’ব।”
ইফালে, বুধবাৰে বৈশৰণ উপত্যকাৰ এটা অংশসহ জম্মু – কাশ্মীৰৰ মুঠ ৩৯টা পৰ্যটনস্থলী পুনৰ মুকলি কৰা হৈছে। পহলগাম সন্ত্রাসৰ পাছতে এই স্থানসমূহ বন্ধ কৰি ৰখা হৈছিল।
Anantnag districtৰ পহলগাম চহৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত অৱস্থিত এই সেউজীয়া বিস্তৃত তৃণভূমি বৈশৰণলৈ কেৱল খোজ কাঢ়ি বা ঘোঁড়াত উঠি যাব পৰা যায়। ভ্ৰমণপ্ৰেমীসকলে এই স্থানটোক মৰমত ‘মিনি ছুইজাৰলেণ্ড’ বুলিও কয়।
উল্লেখযোগ্য যে, ২০২৫ চনৰ ২২ এপ্ৰিলৰ সন্ত্রাসী আক্ৰমণৰ পাছত উপত্যকাৰ প্ৰায় ৫০ৰো অধিক পৰ্যটনস্থলী বন্ধ কৰা হৈছিল। পাছত ২০২৬ চনৰ মাৰ্চ মাহত কঠোৰ নিৰাপত্তাৰ মাজত টিউলিপ উদ্যানসহ ১২টা পৰ্যটনস্থলী পুনৰ মুকলি কৰা হৈছিল। বুধবাৰে পুনৰ ৩৯টা পৰ্যটনস্থলী ভ্ৰমণকাৰীৰ বাবে উন্মুক্ত কৰা হয়।
পহলগামৰ পৰা বৈশৰণ উপত্যকালৈ যোৱা পথত বুধবাৰে কিছু পৰ্যটকে ভ্ৰমণ কৰে। তেওঁলোকৰ সুৰক্ষাৰ বাবে সমগ্ৰ অঞ্চলটোত কেন্দ্ৰীয় আধাসামৰিক বাহিনীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্দিষ্ট এলেকাৰ বাহিৰলৈ পৰ্যটকসকলৰ গমনাগমনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।
