Prominent journalist and writer Nitya Bora passes away:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিশিষ্ট সাংবাদিক-লেখক নিত্য বৰাৰ দেহাৱসান ৷ শাৰিৰীক অসুস্থতাৰ বাবে যোৰহাটৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে বুধবাৰে দিনৰ ২-২০ বজাত শেষনিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান সাংবাদিক গৰাকীয়ে ৷
উল্লেখ্য যে দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাংবাদিক গৰাকী । নিত্য বৰা অসমীয়া প্রতিদিন কাকতৰ প্ৰাক্তন সম্পাদক আছিল। বিশিষ্ট সাংবাদিক গৰাকীৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হ’ব ৷ বৃহস্পতিবাৰে নৱগ্ৰহত শেষকৃত্য সম্পন্ন হ’ব ৷ বিশিষ্ট সাংবাদিক গৰাকীৰ বিয়োগত শোকাহত হৈ পৰিছে ৰাজ্যৰ সংবাদ মহল ৷
