লএক মুহূৰ্ততে শোকত পৰিণত হ’ল বিয়াৰ অনুষ্ঠানৰ আনন্দময় পৰিৱেশ। হাৰিয়ানাত বিয়াৰ ‘বিদায়’ অনুষ্ঠানৰ ভিডিঅ’ তুলি থকাৰ সময়তে গাড়ীৰ খুন্দাত মৃত্যু হ’ল এজন যুৱ ফটোগ্ৰাফাৰৰ ।
প্ৰাপ্ত তথ্য অনুসৰি, বিয়াৰ পিছদিনা কন্যা-জোঁৱাইৰ ‘বিদায়’ অনুষ্ঠানৰ দৃশ্য গ্ৰহণ কৰি আছিল ফটোগ্ৰাফাৰজনে। ঘৰৰ সন্মুখত পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজনসকল জমা হৈছিল। ভিডিঅ’ তুলোঁতে তেওঁ অজানিতে ৰাস্তাৰ মাজভাগত ওলাই যায়।
ঠিক সেই সময়তে বিদ্যুৎগতিত আহি থকা এখন গাড়ীয়ে তেওঁক জোৰেৰে খুন্দা মাৰে। খুন্দাৰ ফলত ফটোগ্ৰাফাৰজন প্ৰায় ২৫ মিটাৰ দূৰলৈ উৰি গৈ ৰাস্তাত পৰে। ঘটনাস্থলীতেই তেওঁৰ মৃত্যু ঘটে।
ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে এখন Maruti Suzuki Swift Dzire তীব্ৰ গতিত আহি তেওঁক আঘাত কৰে।
ঘটনাটো হাৰিয়ানাৰ এখন বিয়াঘৰত সংঘটিত হৈছে যদিও ঠিক কোন জিলাত এই দুৰ্ঘটনা ঘটিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
এজন নেটিজেনে ঘটনাটোৰ ভিডিঅ’ আৰক্ষীৰ ওচৰলৈ টেগ কৰি দিছে। তথাপিও এই পৰ্যন্ত অভিযুক্ত চালকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
এই কৰুণ ঘটনাই পুনৰ এবাৰ পথ সুৰক্ষা আৰু সাৱধানতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে।
