Inter-Services Intelligence:✒️পাঞ্জাবৰ নিৰাপত্তা সংস্থাসমূহে লাভ কৰা এক হুমকিসূচক ই-মেইলক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
উক্ত ই-মেইলত বোমা বিস্ফোৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ হুমকি দিয়া হৈছে বুলি সূত্ৰে প্ৰকাশ কৰিছে।
ই-মেইলত লক্ষ্যবস্তুৰ তালিকাত আছে বিদেশ মন্ত্ৰী এছ. জয়শংকৰ(S. Jaishankar), লগতে পাঞ্জাব আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীসকল। বিশেষকৈ অহা ২৪ এপ্ৰিল, শুকুৰবাৰে দুয়ো ৰাজ্যৰ ৰেললাইনত বিস্ফোৰণ সংঘটিত কৰি ব্যাপক ক্ষতি সাধনৰ হুমকি দিয়া হৈছে।
ইয়াৰ উপৰি লুধিয়ানা(Ludhiana), অমৃতসৰ(Amritsar), ভাটিণ্ডা(Bathinda)আৰু ফিৰোজপুৰ(Firozpur)ত আক্ৰমণ চলোৱাৰ কথাও উল্লেখ কৰা হৈছে।
ঘটনাটোক গুৰুত্বসহকাৰে লৈ পাঞ্জাব আৰু হাৰিয়ানা আৰক্ষীয়ে তৎক্ষণাত ‘হাই এলাৰ্ট’ জাৰি কৰিছে।
সীমান্তৱৰ্তী ৰাজ্য পাঞ্জাবত দীৰ্ঘদিন ধৰি ইণ্টাৰ-চাৰ্ভিচেছ ইণ্টেলিজেন্স (Inter-Services Intelligence )(আইএছআই)-ৰ সক্ৰিয়তাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
মাদক আৰু অস্ত্ৰ চোৰাংচালান, লগতে গুপ্তচৰবৃত্তিৰ স’তে জড়িত একাধিক ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। শেহতীয়া সময়ছোৱাত পাঞ্জাব সীমান্তত পাকিস্তানৰ পৰা অহা ড্ৰ’ন ভাৰতীয় সেনাই কেবাবাৰো গুলিয়াই নামোৱাৰ ঘটনাও সংঘটিত হৈছে।
এই পৰিপ্ৰেক্ষিতত হুমকিসূচক ই-মেইলটোক কোনো ধৰণে লঘুভাৱে নোলোৱাৰ সিদ্ধান্ত লৈছে সংশ্লিষ্ট সংস্থাসমূহে। ইতিমধ্যে গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনসমূহত ব্যাপক তল্লাশি অভিযান আৰম্ভ কৰা হৈছে।
ৰেলপথসমূহত কটকটীয়া নজৰদাৰী চলাবলৈ ৰেলৱে সুৰক্ষা বাহিনী(Railway Protection Force )(RPF)-ক নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ লগতে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ নিৰাপত্তাত নিয়োজিত বিষয়াসকলকো বিশেষ সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিয়া হৈছে। সমগ্ৰ ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহে তদন্ত অব্যাহত ৰাখিছে আৰু যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
