মাত্ৰ ৩০ বছৰ বয়সতে আকস্মিকভাৱে মৃত্যু ঘটিল অভিনেত্ৰী দিব্যাংকা ছিৰোহীৰ। প্ৰাথমিক তথ্য অনুসৰি, হৃদ্ৰোগত আক্ৰান্ত হোৱাৰ ফলতেই তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। এই অকাল মৃত্যুত বিনোদন জগতত শোকৰ ছাঁ পৰিছে।
তথ্য অনুসৰি, যোৱা কেইসপ্তাহ ধৰি আৰ্থিক সংকটৰ মাজেৰে সময় কটাইছিল অভিনেত্ৰীজনীয়ে। নতুন কামৰ সন্ধানত বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ লগতে বহুজনৰ ওচৰত আৰ্থিক সহায়ো বিচাৰিছিল ।
বন্ধুসকলৰ মতে, মৃত্যুৰ ১৫-২০ দিন পূৰ্বেও তেওঁ এজন পৰিচিতৰ ওচৰত ধন বিচাৰিছিল।
সহ-অভিনেতাসকলৰ মতে, দিব্যাংকাই যি কাম পাইছিল, সেয়া নিষ্ঠাৰে সম্পন্ন কৰিছিল যদিও ভৱিষ্যতৰ কামক লৈ সদায় চিন্তিত হৈ আছিল।
মঙ্গলবাৰে নিশা সংঘটিত হয় এই কৰুণ ঘটনা। সেই সময়ত নিজ কোঠাত আছিল অভিনেত্ৰীজনী। অনুমান কৰা হৈছে, হঠাতে হৃদ্ৰোগত আক্ৰান্ত হৈ তেওঁ মাটিত ঢলি পৰে। পৰৱৰ্তী সময়ত তেওঁৰ মূৰত আঘাতৰ চিনো লক্ষ্য কৰা হৈছে।
উল্লেখযোগ্য যে, বুলন্দশ্বৰ(Bulandshahr)ত জন্মগ্ৰহণ কৰা দিব্যাঙ্কাই চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়(Chaudhary Charan Singh University)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ছিক্কিমৰ এখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।
আঞ্চলিক বিনোদন জগতত নিজৰ এক বিশেষ স্থান গঢ়ি তুলিছিল তেওঁ। সামাজিক মাধ্যমতো তেওঁ যথেষ্ট জনপ্ৰিয় আছিল—ইনষ্ট্ৰাগ্ৰাম(Instagram)ত তেওঁৰ অনুসৰণকাৰীৰ সংখ্যা প্ৰায় ১৩ লাখ।
উল্লেখ্য, টিকট(TikTok)ৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল তেওঁ। সেই প্লেটফৰ্মতেই তেওঁৰ বহু ভিডিঅ’ ভাইৰেল হৈছিল আৰু তাতেই তেওঁ বিনোদন জগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
দিব্যাংকাৰ এই অকাল মৃত্যুয়ে পুনৰ এবাৰ কম বয়সত হৃদ্ৰোগৰ আশংকা আৰু মানসিক-আৰ্থিক চাপৰ প্ৰভাৱক লৈ নতুন প্ৰশ্ন উত্থাপন কৰিছে
