Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

WhatsApp Image 2026 04 23 at 5.09.41 PM

Basistha Police:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীৰ ৰাজপথত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ পিছত চিলনী চোৰে লৈছে আন এক পন্থা। ৰাজপথেৰে গৈ থকা যিকোনো পথচাৰীৰ পৰা সুযোগ পালেই কাঢ়ি নিয়ে বেগ আৰু ম’বাইল ৷

দীৰ্ঘসময় ধৰি বেগ আৰু ম’বাইল কাঢ়ি লৈ সন্ত্ৰাস সৃষ্টি কৰি অহা দুই চিলনী চোৰ অৱশেষত বশিষ্ঠ আৰক্ষীৰ জালত পৰে ৷ ধৃত চোৰ দুটা হ’ল ৰাজীৱ কলিতা আৰু ৰহমত আলী। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে কে’বাটাও চুৰি ম’বাইল ৷

Exit mobile version