North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

ৰাইজে খেদি খেদি জব্দ কৰে গৰুভর্তি বাহনখন

WhatsApp Image 2026 04 23 at 2.49.55 PM

North Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰাজ্যৰ চৌদিশে দিনক দিনে বৃদ্ধি পাইছে চোৰাং গৰুৰ সৰবৰাহ। আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰস্থিতি গ্ৰহণ কৰি আহিছে যদিও আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি চোৰাং গৰুৰ সৰবৰাহকাৰীয়ে সংগোপনে চলাই গৈছে গৰুৰ সৰবৰাহ। ইয়াৰ মাজতে উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ ৷স্থানীয় কেইজন মান যুৱক গৰুভৰ্তি বাহন খন প্ৰত্যক্ষ কৰি বহু দূৰ খেদি খেদি অৱশেষত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহন খনত আছিল প্ৰায় ১৬ টা গৰু ৷বৰপেটাৰ কুকাৰপাৰৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে বাহন খনত অনা হৈছিল চোৰাং গৰু কেইটা ৷ বাহন খনৰ চালক হানিফ আলীক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ।

Exit mobile version