Rangia:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰে’ল যাত্ৰাত সুৰক্ষিত নহয় সৰ্বসাধাৰণ জনতা ৷ ৰে’লত নিচাজাতীয় দ্রব্য খুৱাই ৰঙিয়াত এজন যুৱকক লুটপাত । পিছত অৰ্ধঅচেতন অৱস্থাত যুৱকজনক ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰে ৰঙিয়াৰ এজন সাংবাদিকে ৷ ভুক্তভোগী যুৱকজনৰ নাম ধনীৰাম ফুকন।তেওঁৰ ঘৰ ধেমাজীৰ গোগামুখত ৷
উল্লেখ্য যে যুৱকজনে ধেমাজিৰ পৰা মুম্বাইলৈ যাত্ৰাৰ পথতে ৰঙিয়াত ৰে’লৰ ভিতৰতে সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাই সকলোকে চিন্তাম্বিত কৰি তুলিছে ৷ ৰে’লত যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সচেতন মহলে দাবী জনাইছে ৰে’ল আৰক্ষীক ৷
