Uttar Pradesh Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত বুধবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত এঘাৰজন লোক নিহত হয়। এখন বলেৰ’ত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯ জনকৈ লোকৰ ৷ মিৰ্জাপুৰ-ৰেৱা ৰাষ্ট্ৰীয় ঘাইপথত নিশা ৯:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
আৰক্ষীৰ মতে, ব্ৰেক বিকল হোৱাৰ বাবে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী ট্ৰাকে একে দিশতে গৈ থকা এখন বলেৰ’ আৰু চুইফট গাড়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুয়োখন বাহনৰ খুন্দাত বলেৰ’খন তীব্ৰ বিস্ফোৰণেৰে অগ্নিকাণ্ডৰ সৃষ্টি হয় ৷ অগ্নিকাণ্ড ইমানেই তীব্ৰ যে একেটা পৰিয়ালৰ ৮ জন সদস্য আৰু এজন চালককে ধৰি বলেৰ’ খনৰ ৯ জন লোক ওলাই আহিবলৈ সক্ষম নহ’ল ৷ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু আটাইকেইজন আৰোহীৰ ৷প্ৰায় ডেৰ-দুই ঘণ্টা ধৰি বলেৰ’খন জ্বলি থকাৰ ফলত ঘটনাস্থলীত ব্যাপক চিঞৰ-বাখৰৰ সৃষ্টি হয়। ওচৰ-চুবুৰীয়াৰ লোকে সহায়ৰ বাবে লৰালৰিকৈ আহিছিল যদিও জুইৰ তীব্ৰতাৰ বাবে কোনো লোক ওচৰ চাপিব পৰা নাছিল।
পিছত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। মৃতদেহবোৰ ইমানেই বেয়াকৈ জ্বলি গৈছিল যে চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল। ৮ বছৰীয়া পুত্ৰৰ মুণ্ডন কৰি মাইহাৰৰ পৰা উভতি আহিছিল দুৰ্ভগীয়া পৰিয়ালটো।
আনহাতে দুৰ্ঘটনাটোত চুইফট গাড়ী চালক আৰু ট্ৰলী চাফাই কৰ্মীৰো মৃত্যু হয়। ড্ৰামডগঞ্জ আৰক্ষী থানা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষী অধীক্ষক অপৰ্ণা ৰজত কৌশিকে কয়, “বলেৰ’ত থকা আটাইকেইজন লোক জিগনা থানা এলেকাৰ অন্তৰ্গত নাৰায়না গাঁৱৰ (মিৰ্জাপুৰ) বাসিন্দা আছিল।”
