Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

২০জনক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা, আদালতৰ ৰায়ত অসন্তুষ্টি প্ৰকাশ অভি-নীল পৰিয়ালৰ,উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব

WhatsApp Image 2026 04 20 at 12.02.52 PM

Abhi- Neel Murder Case Judgement:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দেশ জোকাৰি যোৱা বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি শুকুৰবাৰে ঘোষণা কৰে নগাঁও সত্র ন্যায়াধীশৰ আদালতে ৷ হত্যাকাণ্ডৰে জড়িত ২০ জনক যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে প্ৰতিজনকে ২০ হাজাৰ টকাৰ জৰিমনাৰ ৰায় প্ৰদান কৰে । সুদীৰ্ঘ আইনী যুঁজৰ অন্তত অৱশেষত আদালতে এই শাস্তি ঘোষণা কৰে।

উল্লেখ্য যে নগাঁও সত্র ন্যায়াধীশৰ একেখন আদালতেই ২০ এপ্ৰিলত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰি ৰায়দান সুৰক্ষিত ৰাখিছিল। স্মতৰ্ৱ্য যে ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাঁৱত একাংশ ৰাইজে দুই যুৱক অভি আৰু নীলক সোপাধৰাৰ সন্দেহত নৃশংসভাৱে উপযুপৰি প্ৰহাৰ কৰি হত্যা কৰিছিল ৷পৰৱৰ্তী সময়ত এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ দোষীৰ কঠোৰতম শাস্তিৰ দাবীত ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ অৱশ্যে আৰক্ষীয়ে অভিযান চলাই অৰ্ধ শতাধিক লোকক আটক কৰিছিল ৷

আনহাতে অভি-নীল হত্যাকাণ্ডৰ সমগ্ৰ গোচৰটো সুৰক্ষাজনিত কাৰণত কাৰ্বি আংলঙৰ পৰা নগাঁৱলৈ স্থানান্তৰ কৰা হৈছিল ৷

Exit mobile version