Life imprisonment:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কিমান নৃশংস হ’ব পাৰে এগৰাকী জন্মদাত্ৰী মাতৃ ৷ নিজৰ তিনিবছৰীয়া আৰু দহমহীয়া দুই কন্যা শিশুক হত্যা কৰাৰ অপৰাধত আদালতে অৱশেষত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে ঘাতক মাতৃক ৷ এই ঘটনা কেইবছৰ মান পূৰ্বে সংঘটিত হৈছিল কাছাৰ জিলাৰ কচুদৰঙত ৷
নিজ সন্তানক হত্যা কৰাৰ অপৰাধত কাৰাৰুদ্ধ হৈ থকা আজমিৰা বেগম লস্কৰ নামৰ মহিলাগৰাকীক সুদীৰ্ঘদিনৰ শুনানিৰ অন্তত শুকুৰবাৰে কাছাৰ জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷
