Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

আৰক্ষীৰ বেশত অস্ত্ৰধাৰী দুর্বৃত্তই এজন যুৱকক উপযুপৰি প্ৰহাৰ কৰে

WhatsApp Image 2026 04 24 at 1.23.59 PM

Moral policing incident in Dergaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে ম’ৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ এই ধৰণৰ এক ঘটনাৰ সূত্ৰপাত হয় দেৰগাঁৱৰ ধেমাজি কৈৱৰ্ত গাঁৱত। কোনো এক বিষয়ৰ অচিলা লৈ আৰক্ষীৰ বেশত অস্ত্ৰধাৰী দুর্বৃত্তই দল এটাই কৈৱত গাঁৱত ৰাকেশ দাস নামৰ যুৱকজনৰ দলবদ্ধভাৱে আক্ৰমণ কৰে ৷অস্ত্ৰধাৰী দুর্বৃত্তই দল আক্ৰমণত লেবেজান হৈ পৰা ৰাকেশক স্থানীয় লোকে পিছত চিকিৎসালয়ত ভৰ্তি কৰে ৷

আনহাতে ৰাকেশ দাসে অভিযোগ কৰা মতে তেওঁক আক্ৰমণ কৰা গুণ্ডা বাহিনীটোৰ নেতৃত্বত আছে লক্ষীৰাম দাস ৷ ইতিমধ্যে ৰাকেশ দাসে তেওঁক তালিবানী শাস্তি দিয়া লক্ষীৰাম দাস সহ তেওঁ সংগী সকলৰ বিৰুদ্ধে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে ৷

Exit mobile version