Shocking robbery in Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷মৰিকলং আৰক্ষী চকীৰ নিচেই কাষতে থকা চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত নিশা ডকাইতৰ দলে প্ৰৱেশ কৰি আ- অলংকাৰ সহ নগদ ধন লুট কৰি নিয়াৰ লগতে ডা:শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াৰ চোকা জাতীয় অস্ত্ৰৰে উপযুপৰি উধাও হয় ৷ ডকাইতৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা দম্পতী হালক পিচত স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োৰে অৱস্থা সংকটজনক বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷
ইতিমধ্যে ডা:শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা শইকীয়াক নিশাই গুৱাহাটী এপল’ হাস্পতালত ভৰ্তি কৰা হয় ৷ ডা:শইকীয়া বৰ্তমান সংকটমুক্ত যদিও পত্নী আইচিইউত জীৱন- মৃত্যুৰে যুঁজিছে ৷
আনহাতে নিশাই ডা:শইকীয়াৰ বাসগৃহত সমীপতে থকা মৰিকলং আৰক্ষী দল উপস্থিত হৈ সকলো নিৰীক্ষণ কৰি ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহৰ নিচেই কাষতে মৰিকলং আৰক্ষী চকী থকাৰ পিছতো সশস্ত্ৰ ডকাইতৰ দলে নিশা সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডই কেতবোৰ প্ৰশ্ন উদ্থাপিত হৈছে ৷
